ETV Bharat / state

শিলচৰ জিলা কাৰাগাৰৰ ডিটেনশ্যন কেম্পৰ পৰা 16 জনক মুক্তি

author img

By

Published : Apr 23, 2020, 11:58 AM IST

সৰ্বোচ্চ আদালতৰ এক অন্তৱৰ্তী আদেশ অনুসৰি দুবছৰতকৈ বেছি সময় যিসকল লোক ডিটেনশ্যন কেম্পত আটকাধীন হৈ আছে তেওঁ লোকক পাঁচ হেজাৰ টকাৰ জামিনত মুকলি কৰি দিয়া হয় ৷

14 person released from Silchar Detention camp by the order of supreme court
শিলচৰ জিলা কাৰাগাৰস্থিত ডিটেনশ্যন কেম্পৰ পৰা 16 জনক মুক্তি

শিলচৰ,23 এপ্ৰিল : উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশৰ পাছতে শিলচৰ জিলা কাৰাগাৰত থকা ডিটেনশ্যন কেম্পৰ পৰা বুধবাৰে নিশা মুক্ত কৰা হৈছে 16 জনকৈ বিদেশী আৰু ডি ভোটাৰৰ অভিযোগত আটকাধীন লোকক ৷ সৰ্বোচ্চ আদালতৰ এক অন্তৱৰ্তী আদেশ অনুসৰি দুবছৰতকৈ বেছি সময় যিসকল লোক ডিটেনশ্যন কেম্পত আটকাধীন হৈ আছে তেওঁ লোকক পাঁচ হেজাৰ টকাৰ জামিনত মুকলি কৰি দিয়া হয় ৷

শিলচৰ জিলা কাৰাগাৰস্থিত ডিটেনশ্যন কেম্পৰ পৰা 16 জনক মুক্তি

উল্লেখ্য যে উক্ত 16 জন লোকৰ মাজত 14 গৰাকী পুৰুষ মহিলা ডিমা হাচাও জিলাৰ অন্তৰ্গত হোৱাৰ লগতে দুজন ব্যক্তি বৰাক উপত্যকাৰ ৷ ইয়াৰে এজন ব্যক্তি আহমদ আকবৰ আলী বিগত 35 বছৰে অসমৰ চৰকাৰৰ অধীনৰ মীন বিভাগত কৰ্মৰত হৈ আছিল ৷ বৰ্তমান বিশ্বজুৰি অব্যাহত থকা কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবেই উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেষ ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি ভৱিষ্যতে ৰাজ্যৰ বাহিৰলৈ কোনো কাৰণত যাব লগীয়া হ'লে প্ৰশাসনৰ পৰা অনুমতি লটব লাগিব মুক্তি প্ৰাপ্ত আটাইকেইজন লোকে ৷

শিলচৰ জিলা কাৰাগাৰস্থিত ডিটেনশ্যন কেম্পৰ পৰা 16 জনক মুক্তি

লগতে পঢ়কঃ চৰ অঞ্চলত কৰ'ণাক কেনেকৈ প্ৰতিহত কৰিছে নৌকা স্বাস্থ্য সেৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.