ETV Bharat / state

BMI Test in Assam :আজিৰে পৰা ধুবুৰীত আৰক্ষীৰ বি এম আই টেষ্ট আৰম্ভ

author img

By

Published : Aug 21, 2023, 7:44 PM IST

সোমবাৰৰ পৰা ধুবুৰীতো আৰম্ভ হৈছে ব’ডি মাচ ইণ্ডেক্স চমুকৈ বি এম আই টেষ্ট ৷ ৩১ আগষ্টলৈ ধুবুৰীত চলিব আৰক্ষীৰ বি এম আই পৰীক্ষা ৷

BMI Test in Assam
আজিৰে পৰা ধুবুৰীত আৰক্ষীৰ বি এম আই টেষ্ট আৰম্ভ

আজিৰে পৰা ধুবুৰীত আৰক্ষীৰ বি এম আই টেষ্ট আৰম্ভ

ধুবৰী,21 আগষ্ট: মিছন মেদবহুল মুক্ত অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰৰ পৰা ধুবুৰীতো আৰম্ভ হৈছে ব’ডি মাচ ইণ্ডেক্স চমুকৈ বি এম আই টেষ্ট ৷ অহা ৩১ আগষ্ট লৈ চলিব আৰক্ষীৰ এই বি এম আই পৰীক্ষা । অসম আৰক্ষীক সু-স্বাস্থ্যবান হিচাপে গঢ়ি তুলিবলৈ অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ।

ৰাজ্যজুৰি অসম আৰক্ষীত নিয়োজিত বিষয়াৰ পৰা চিপাহীলৈকে সকলোকে কৰা হৈছে বি এম আই টেষ্ট । কেইদিনমান পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বি এম আই টেষ্টৰ শুভাৰম্ভ কৰাৰ পিচত ৰাজ্যজুৰি আৰম্ভ হৈছে বি এম আই টেষ্ট । আজি ধুবুৰী আৰক্ষী নিবাসত পুৱাৰে পৰা আৰম্ভ হয় এই বি এম আই টেষ্ট । উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া অৰ্থাৎ জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ পৰা চিপাহীলৈকে সকলো পৰ্যায়ৰ আৰক্ষীৰ লোকৰ কৰা হয় ব'ডি মাচ ইণ্ডেক্স টেষ্ট ।

ইপিনে বি এম আই টেষ্টৰ পৰিমাণৰ ৩০ ৰ তলত হ’ব লাগিব । যদিও জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ বি এম আই টেষ্টৰ পৰিমাণ ২৪.১৯ । আনহাতে বেছি সংখ্যক আৰক্ষীৰ বি এম আই টেষ্টৰ পৰিমাণ ৩০ ৰ তলত আছে যদিও একাংশৰ আছে ৩০ ৰ ওপৰত । ৩০ ৰ ওপৰত থকা সকলৰ বাবে পৰৱৰ্তী তিনিমাহ সময় দিয়া হ’ব ৷ সেই তিনিমাহৰ ভিতৰত নিজকে সু-স্বাস্থ্যবান বুলি প্ৰমাণ কৰিব লাগিব বৰ্তমান বিএম আই টেষ্ট ৩০ ৰ ওপৰত থকা আৰক্ষীয়ে ৷ এই কথা সদৰী কৰে জিলা আৰক্ষী অধীক্ষক নবীন সিঙে।

লগতে পঢ়ক:Human trafficking in Assam : ভুৱা নথি-পত্ৰৰে অসমত সক্ৰিয় আৰ্ন্তজাতিক নাৰী সৰবৰাহকাৰী চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.