Human trafficking in Assam : ভুৱা নথি-পত্ৰৰে অসমত সক্ৰিয় আৰ্ন্তজাতিক নাৰী সৰবৰাহকাৰী চক্ৰ

By

Published : Aug 21, 2023, 12:39 PM IST

thumbnail

বিলাসীপাৰা, 21 আগষ্ট: আৰ্ন্তজাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত বিলাসীপাৰাৰ বোৱাৰী অপহৰণ হোৱাৰ সন্দেহ । যোৱা 9 আগষ্টত বিলাসীপাৰাৰ খৰাঘাটৰ পিতৃ গৃহৰ পৰা আৰ্ন্তজাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য মোহাম্মদ জাহেদে মাছপাৰাত বিবাহ হোৱা এগৰাকী 28 বছৰীয়া বোৱাৰীক অপহৰণ কৰাৰ অভিযাগ উত্থাপন হৈছে । দুই সন্তানৰ মাতৃগৰাকী অপহৰণ হোৱাৰ পিছতেই মহিলাগৰাকীৰ স্বামী পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰে এজাহাৰ । 

কিন্তু বৰ্তমান লৈ বোৱাৰীজনীৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই বিলাসীপাৰা আৰক্ষীয়ে । বোৱাৰীগৰাকী আৰ্ন্তজাতিক নাৰী দেহ ব্যৱসায়ীৰ কবলত পৰা বুলি অৱগত হোৱাৰ পিচতে দুয়োটা পৰিয়ালতে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ উল্লেখ কৰা প্ৰয়োজন যে, খোৰাঘাটৰ পৰা উদ্ধাৰ হৈছে আৰ্ন্তজাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্য মোহাম্মদ জাহেদৰ পৰিচয় পত্ৰ । পৰিচয় পত্ৰত জাহেদৰ ঘৰ ম্যানমাৰ, আগৰতলা আৰু বাংলাদেশত বুলি উল্লেখ আছে ৷ আনকি মোহাম্মদ জাহেদৰ নামত আছে ভাৰতবৰ্ষৰ আধাৰ কাৰ্ডো ।

লগতে পঢ়ক: PM will change Constitution: পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধান সলনি কৰিব মোদীয়ে; লালন সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.