ETV Bharat / state

Tragic accident in Dhubri: শোকাৱহ ! সৰস্বতী পূজালৈ ওলাই গৈ দুই ছাত্ৰীৰ দুৰ্ঘটনাত মৃত্যু

author img

By

Published : Jan 26, 2023, 8:55 PM IST

Tragic accident in Dhubri
ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত 2 আহত 5

এক শোকাৱহ পথ দুৰ্ঘটনাত ধুবুৰীত একেলগে মৃত্যুক সাবটি ল’লে দুগৰাকীকৈ ছাত্ৰীয়ে ৷ আনহাতে গুৰুতৰভাৱে আহত হয় আন 5গৰাকী ছাত্ৰ-ছাত্ৰী ৷ সৰস্বতী পূজা উপলক্ষে এখন গাড়ীৰে ফুৰিবলৈ যাওঁতেই পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

শোকাৱহ ! সৰস্বতী পূজালৈ ওলাই গৈ দুই ছাত্ৰীৰ মৃত্যু, আহত 5গৰাকী

ধুবুৰী, 26 জানুৱাৰী: গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ মাজতেই ধুবুৰীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল দুগৰাকীকৈ ছাত্ৰীৰ(Tragic accident in Dhubri) ৷ আনহাতে গুৰুতৰভাৱে আহত হয় আন পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ যি ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ ধুবুৰীত ৷

উল্লেখ্য যে, সৰস্বতী পূজা আৰু গণৰাজ্য দিৱস উপলক্ষে গৌৰীপুৰৰ সাত গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে এ এছ 17 জে 5224 নম্বৰৰ এখন বাহন লৈ ধুবুৰী আৰু গৌৰীপুৰ সংযোগী জি টি বি পথেৰে ধুবুৰীলৈ যাত্ৰা কৰে । কিন্তু দুৰ্ভাগ্যবশত তেওঁলোকৰ গাড়ীখনে পথৰ দাঁতিত ৰাখি থোৱা এখন বাইক আৰু এখন স্কুটীত খুন্দা মাৰি এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো(Road accident in Dhubri) ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, ছাত্ৰ-ছাত্ৰীকেইগৰাকীয়ে যাতায়ত কৰা মাৰুতি আৰটিগা বাহনখন ভাঙি চূচুৰ্মৈ হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় চালকসহ মুঠ 7গৰাকী ছাত্ৰ-ছাত্ৰী(seven injured in Dhubri Accident) ৷

আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীকেইগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি ততালিকে ভৰ্তি কৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত(Dhubri Medical college hospital) ৷ কিন্তু ইয়াৰে দুগৰাকী ছাত্ৰীক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হোৱা বুলি ঘোষণা কৰে ডি এম চি এইচৰ(DMCH) অধ্যক্ষা ডাঃ অংকুমণি শইকীয়াই(Students killed in road accident) ।

নিহত দুগৰাকী ছাত্ৰীৰ নাম সুবাঙি ৰয় (১৪) আৰু নির্মলী চৌধুৰী (১৬) বুলি সদৰী কৰিছে আৰক্ষী আৰু চিকিৎসকে । ইফালে, গুৰুতৰভাৱে আহতসকলৰ ভিতৰত আছে ৰিয়াত হুছেইন, জাহিদুল হক, ৰিয়া সাহা, জেনিফাৰ ইয়াছমিন আৰু মইদুল ইছলাম । ইয়াৰে ভিতৰত মইদুল ইছলাম, জাহিদুল হক আৰু ৰিয়াত হুছেইনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে যদিও তিনিওৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, সৰস্বতী পূজা উপলক্ষে সাতজনীয়া বন্ধুৰ দলটো ওলাই গৈছিল ফুৰিবলৈ । কিন্তু, মৃত্যুক আকোঁৱালী ল’ব লগা হ’ল 2গৰাকী ছাত্ৰীয়ে ৷ ৰাজপথৰ কাষত অবৈধ ভাৱে পাৰ্কিং কৰি ৰখা ট্ৰাকৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে দাবী কৰিছে । যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷

লগতে পঢ়ক: Firing at Dhing: পত্নী-কন্যাৰ সমুখতেই দুৰ্বৃত্তই গুলীয়ালে ৱাহিদুলক; অৱস্থা গুৰুতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.