Firing at Dhing: পত্নী-কন্যাৰ সমুখতেই দুৰ্বৃত্তই গুলীয়ালে ৱাহিদুলক; অৱস্থা গুৰুতৰ

By

Published : Jan 26, 2023, 6:59 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গণৰাজ্য দিৱসৰ দিনটোতেই নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পত্নীৰ সন্মুখতেই স্বামীক গুলীয়াই আহত কৰে দুৰ্বৃত্তই (Firing incident at Dhing) । দুই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত ৱাহিদুল ইছলাম নামৰ লোকজন । সংকটজনক অৱস্থাত আহত ৱাহিদুলক নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰা হয় । ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য নগাঁৱত । ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ধিং আৰক্ষীয়ে (Sensational firing at Dhing)।

ধিঙৰ উধানতলাত দিন দুপৰতে দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাই সমগ্ৰ নগাঁৱতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । পত্নীৰ সন্মুখতেই এগৰাকী লোকক গুলীয়াই গুৰুতৰভাৱে আহত কৰে দুৰ্বৃত্তই । ৱাহিদুলে পত্নীৰ লগতে কনমানি কন্যা সন্তানৰ সৈতে পথাৰত কৃষিকৰ্মত ব্যস্ত হৈ থকাৰ সময়তে দুই অভিযুক্ত ছামিম আৰু ৰাহুলে ৱাহিদুলক প্ৰথমে বাইকৰে আহি খুন্দিয়াই ৷ পিচত প্ৰাণৰ মমতাত ৱাহিদুলে দৌৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে পত্নী আৰু কন্যা সন্তানৰ সম্মুখতে ৱাহিদুল ইছলামলৈ লক্ষ্য কৰি যুৱক দুজনে গুলীচালনা কৰে (One injured in firing at Dhing) ।

দুৰ্বৃত্তই চকুৰ সন্মুখতেই তিনিজাঁইকৈ গুলী চলোৱা বুলি উল্লেখ কৰে আহত ৱাহিদুলৰ পত্নীয়ে ৷ যি ঘটনাৰ সাক্ষী হৈ ৰয় ৱাহিদুলৰ কণমানি কন্যা ৷ দুৰ্বৃত্তৰ গুলীত ধৰাশায়ী হৈ পৰা ৱাহিদুল ইছলামক লগে লগে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় । সম্প্ৰতি নগাঁৱৰ ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে দুৰ্বৃত্তৰ গুলীত আহত ৱাহিদুল ইছলাম । আহত ৱাহিদুল ইছলাম এই পৰ্যন্ত সংকটমুক্ত নহয় বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ চিকিৎসকে (Nagaon firing news)।

ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও ৱাহিদুল ইছলামক কিয় গুলীচালনা কৰিলে সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই । ৱাহিদুলক গুলীওৱাৰ অভিযোগত অভিযুক্ত ছামিম আৰু ৰাহুলৰ বিৰুদ্ধে ধিঙৰ চৰাঞ্চলত গুণ্ডাৰাজ চলোৱাৰো অভিযোগ উত্থাপন হৈছে (Firing incident on Republic Day)।

উল্লেখযোগ্য যে, গুলীচালনাত জড়িত থকা ছামিমৰ ভাতৃ ইকবালক কেইদিনমানৰ পূৰ্বে অচিনাকি দুৰ্বৃত্তই হত্যা কৰিছিল । ইপিনে  বৃহস্পতিবাৰে উধানতলাত দিন দুপৰতে সংঘটিত গুলীচালনাৰ ঘটনাত বৰ্তমান অঞ্চলটোত অব্যাহত আছে তীব্ৰ চাঞ্চল্য ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.