ETV Bharat / state

জাঁজী নৈত গা ধুবলৈ গৈ সন্ধানহীন মহিলা

author img

By

Published : Sep 11, 2022, 7:43 PM IST

জাঁজীনদীত গা ধুবলৈ গৈ সন্ধানহীন হয় এগৰাকী ২৩ বছৰীয়া মহিলা (Women missing at Teok) ৷ দেওবাৰে পুৱা প্ৰতিদিনৰ দৰে গা ধুবলৈ জাঁজী নদীলৈ গৈছিল শিৱানী ৷ জাঁজী নদীত গা ধুবলৈ গৈ কাপোৰ, বাল্টি নৈৰ পাৰতে এৰি সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷

Women missing at Teok
জাঁজী নৈত গা ধুবলৈ গৈ সন্ধানহীন মহিলা

টীয়ক, 11 ছেপ্টেম্বৰ: কালিকা লাগিছে জাঁজী নৈত (Incident in Jhanjhi river) ৷ যোৰহাট জিলাৰ টীয়কৰ শিমলুগুৰি কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে অঘটন ৷ জাঁজীনদীত গা ধুবলৈ গৈ সন্ধানহীন হয় এগৰাকী ২৩ বছৰীয়া মহিলা (Women missing at Teok)৷

জানিব পৰা মতে, ঘৰুবা কন্দলৰ বাবে যোৱা 10 দিন ধৰি শিমলুগুৰিৰ পিতৃগৃহ আছিল শিৱানী দাস নামৰ মহিলাগৰাকী ৷ দেওবাৰে পুৱা প্ৰতিদিনৰ দৰে গা ধুবলৈ জাঁজী নদীলৈ গৈছিল শিৱানী ৷ জাঁজী নদীত গা ধুবলৈ গৈ কাপোৰ, বাল্টি নৈৰ পাৰতে এৰি সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷

জাঁজী নৈত গা ধুবলৈ গৈ সন্ধানহীন মহিলা

এইদৰে এগৰাকী মহিলাৰ আকস্মিকভাবে সন্ধানহীন ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি যোৰহাটৰ পৰা অহা এচ ডি আৰ এফৰ দলে জাঁজী নদীত অভিযান চলাই আছ যদিও সন্ধান পোৱা নাই মহিলাগৰাকীৰ ৷ শিৱনী দাস নামৰ গৌৰীসাগৰ বেজগাঁৱৰ নিৰ্মল দাসৰ পত্নী ৷

লগতে পঢ়ক: গোৰেশ্বৰত সামগ্ৰীভৰ্তি ট্ৰাক পৰিল নৈত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.