গোৰেশ্বৰত সামগ্ৰীভৰ্তি ট্ৰাক পৰিল নৈত

By

Published : Sep 11, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

গোৰেশ্বৰত সামগ্ৰীভৰ্তি ট্ৰাক পৰিল নৈত(Road accident at goreswar) ৷ তামুলপুৰ জিলাৰ গোৰেশ্বৰ-খৈৰাবাৰী পথৰ সমীপৰে বৈ যোৱা নৈত নিশা বাগৰি পৰে এখন মালবাহী ট্ৰাক । প্ৰায় ৩০/৪০ ফুট দ'ত বাগৰি পৰা ট্ৰাকখনৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ । গুৱাহাটীৰ পৰা ওদালগুৰি জিলাৰ টংলালৈ আহি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্থ হয় ট্ৰাকখন । গোৰেশ্বৰ-খৈৰাবাৰী পথৰ পেট্ৰ'ল পাম্পৰ ওচৰত থকা নৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ট্ৰাকখন । উল্লেখ্য যে, চাৰিদিন পূৰ্বে একে ঠাইতে এখন বাইক আৰু টেম্প'ৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হৈ থিতাতে নিহত হৈছিল এজন লোক । আজি পুনৰ এই ঘটনাই শংকিত কৰি তুলিছে স্থানীয় ৰাইজক । ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.