ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 26, 2022, 2:59 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

হিজবুল মুজাহিদিন নিযুক্তি সম্পৰ্কীয় গোচৰৰ ৰায়দান । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অসমৰ বিশেষ আদালতে হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা গোচৰৰ ৰায়দান কৰে । অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহে NIA বিশেষ আদালতে (NIA special court Assam verdict on HM case) ।

Dhekiajuli Acid attack: ৰাক্ষসমাৰীত চুবুৰীয়া বিবাহিত পুৰুষে যুৱতীৰ গাত ঢালিলে এচিড

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত যুৱতীক এচিড আক্ৰমণ (Acid attack in Tezpur) । দেওবাৰে বিয়লি প্ৰায় 3 বজাত অঞ্চলটোৰ এখন চাহ বাগিচাত সংঘটিত হয় এই ঘটনা ৷ এজন ব্যৱসায়ীয়ে যুৱতীগৰাকীৰ গালৈ নিক্ষেপ কৰে এচিড (A girl becomes victim of acid attack)। এই ঘটনাত গুৰুতৰভাৱে আহত যুৱতীগৰাকীক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Acid attack incident in Assam)৷

Deprived From PMAY : ডি ভোটাৰ হোৱাৰ বাবেই PMAY গৃহৰ পৰা বঞ্চিত এগৰাকী অসহায় মহিলা

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী অসহায় মহিলা । ডি ভোটাৰ হোৱাৰ বাবেই বাংকাভখঙ্গা গাঁৱৰ ৰাবিয়া খাতুন প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত (Barpeta D voter woman deprived from PMAY house) । তালিকাত নাম অন্তৰ্ভুক্ত থকা সত্ত্বেও খণ্ড সদস্যই নথি-পত্ৰ জমা নোলোৱাৰ অভিযোগ ।

Eviction drive in Baghbar: বাঘবৰত উচ্ছেদৰ সময়ত প্ৰতিবাদ কৰি আটক বিধায়ক শ্বেৰমান আলী আহমেদ

বৰপেটা জিলাৰ বাঘবৰত সোমবাৰে পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction in Baghbar)৷ সত্ৰকনৰাৰ 12 নং ছিটত 400 বিঘা চৰকাৰী মাটিত উচ্ছেদ চলাইছে জিলা প্ৰশাসনে (Baghbar eviction news) ৷ এই উচ্ছেদৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰি আটক হ’ল বিধায়ক শ্বেৰমান আলী আহমেদ (MLA Sherman Ali Ahmed detained) ৷

Explosive seized in Dibrugarh: ডিব্ৰুগড়ত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ সংখ্যক বিস্ফোৰক

ডিব্ৰুগড়ত বিস্ফোৰক উদ্ধাৰকলৈ চাঞ্চল্য ৷ জালান চাহ বাগিছাৰ (Jalan tea garden in Dibrugarh) পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গ্ৰেণেড, সজীৱ গুলীসহ কেতবোৰ অস্ত্ৰ-শস্ত্ৰ (Weapon seized by dibrugarh police) ৷ তদন্ত অব্যাহত ৷

TMC flag burn at Chirang: বিজনীত দুৰ্বৃত্তই জ্বলালে তৃণমূল কংগ্ৰেছৰ পতাকা

দেওবাৰে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল বিষ্ণুপুৰ বজাৰৰ চৌদিশে জিলা সভাপতি অৰ্নিবাণ সেনৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ বেনাৰ-পতাকা আঁৰিছিল (TMC flag burn in Chirang)। কিন্তু লগোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই মাজনিশা দুৰ্বৃত্তই একগোট কৰি বিষ্ণুপুৰ বাছ আস্থানৰ সমীপত এই বেনাৰ-পতাকাসমূহ জ্বলাই দিয়ে (Miscreants burn TMC flags at Bijni)।

Navjot Sidhu will be free: 26 জানুৱাৰীত কাৰামুক্ত হ’ব নৱজোৎ সিং সিদ্ধু

কাৰামুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ (Navjot Sidhu will come out of jail) ৷ অহা 26 জানুৱাৰীত গণৰাজ্য দিৱস (Republic day of India) উপলক্ষে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিব লগীয়া কাৰাবন্দীৰ তালিকাত সিদ্ধুৰ নামো অন্তৰ্ভুক্ত হৈছে ৷

Katrina Kaif Vicky Kaushal:কেটৰিণাৰ বাবে ছাণ্টাক্লজৰ ৰূপত বিকী কৌশল

পৰিয়াল সহিতে কেটৰিণা কাইফ আৰু বিকী কৌশলে উদযাপন কৰিলে বছৰৰ শেষৰটো উৎসৱ খ্ৰীষ্টমাছ ৷ অনুৰাগীৰে সৈতে দুয়োৱে শ্বেয়াৰ কৰে খ্ৰীষ্টমাছ উদযাপনৰ ফটো ৷

Hrithik Roshan instagram:হৃত্বিক তথা হৃত্বিকৰ সন্তানৰে সৈতে খ্ৰীষ্টমাছ উদযাপন কৰিলে শ্বাবাই

হৃত্বিক আৰু তেওঁৰ প্ৰেমিকা শ্বাবাই খ্ৰীষ্টমাছত পৰিয়ালৰে সৈতে কটালে সুন্দৰ সময় ৷ হৃত্বিকে ছ’চিয়েল মিডিয়াত কোনোবা অজ্ঞাত স্থানৰ পৰা শ্বেয়াৰ কৰিছে (Hrithik Roshan instagram) এখন আকৰ্ষণীয় পাৰিবাৰিক ফটো ৷

Pari Rangpi Passes Away: কাৰ্বি আংলঙৰ বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান

কাৰ্বি আংলঙৰ বিশিষ্ট কবি-সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান (Karbi Anglongs eminent litterateur Pari Rangpi passes away) । সোমবাৰে পুৱা ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু ঘটে তেওঁৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৮ বছৰ । পাৰি ৰংপিৰ মৃত্যু বিশ্বাস কৰিব পৰা নাই- পদ্মশ্ৰী ৰংবং তেৰাং ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.