ETV Bharat / entertainment

Katrina Kaif Vicky Kaushal:কেটৰিণাৰ বাবে ছাণ্টাক্লজৰ ৰূপত বিকী কৌশল

author img

By

Published : Dec 26, 2022, 1:45 PM IST

পৰিয়াল সহিতে কেটৰিণা কাইফ আৰু বিকী কৌশলে উদযাপন কৰিলে বছৰৰ শেষৰটো উৎসৱ খ্ৰীষ্টমাছ ৷ অনুৰাগীৰে সৈতে দুয়োৱে শ্বেয়াৰ কৰে খ্ৰীষ্টমাছ উদযাপনৰ ফটো ৷

Katrina Kaif
শহুৰৰ পৰিয়ালৰে সৈতে কেটৰিণাৰ খ্ৰীষ্টমাছ উদযাপন

চিটাৰা ডেস্ক, 26 ডিচেম্বৰ : খ্ৰীষ্টমাছৰ দিনটো বিশেষ হৈ ৰ’ল কেটৰিণাৰ বাবে ৷ কিয়নো স্বামী আৰু দেওৰেকে ধাৰণ কৰিলে ছাণ্টাক্লজৰ ৰূপ ৷ বছৰৰ শেষৰটো উৎসৱ শহুৰৰ পৰিয়ালৰ লগত খুব সুন্দৰকৈ অতিবাহিত কৰিলে কেটৰিণা কাইফ আৰু বিকী কৌশলে ৷ দুই তাৰকাই নিজ নিজ ইনষ্টাগ্ৰামৰ জৰিয়তে খ্ৰীষ্টমাছ উদযাপনৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে (Katrina Kaif instagram) ৷

খ্ৰীষ্টমাছ উদযাপনৰ বাবে কেটৰিণাৰ ভগ্নী ইছাবেলো উপস্থিত হয় কেটৰিণাৰ ঘৰত ৷ ফটোত কেটৰিণা, শাহুৱেক বীনা কৌশল আৰু ভগ্নী ইছাবেল কাইফক ৰঙা ৰঙৰ সাজ পৰিধান কৰা দেখা গৈছে আৰু বিকী আৰু তেওঁৰ ভাতৃ ছানীক ছাণ্টা টুপী পৰিধান কৰা দেখা গৈছে ৷ ফটোখনত বিকীৰ পিতৃকো হাঁহি এটিৰে সৈতে ফটোৰ বাবে প’জ দিয়া দেখা গ’ল ৷

কেটৰিণা আৰু বিকীয়ে খ্ৰীষ্টমাছ ট্ৰী জোপাৰে সৈতে আৰু এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে দৃষ্টি কাঢ়িছে অনুৰাগীৰ ৷ এই ফটোখনত গছজোপাৰ মাজত VicKat ৰ এখন ফটো ওলোমাই থোৱা আছে ৷ এই ফটোখনৰ লগতে অনুৰাগীয়ে বিকী আৰু ছানীৰ ছাণ্টা লুকটোও পছন্দ কৰিছে (Vicky Kaushal instagram) ৷

এই ছবি শ্বেয়াৰ কৰি কেটৰিণাই লিখিছে, "মেৰী খ্ৰীষ্টমাছ" ৷ বিকীৰ ছাণ্টা অৱতাৰ দেখি অনুৰাগীসকলে আমোদ পাইছে । VicKAt ৰ খ্ৰীষ্টমাছৰ ছবিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, "পাঞ্জাবী ছাণ্টাক মৰমলগা দেখা গৈছে", আনহাতে আন এজনে কৈছে, "জো পাঞ্জাবী আডমি কো ছাণ্টাক্লজ বনা দে ,ৱো হোটি হে বিৱি" ৷

ৱৰ্ক ফ্ৰণ্টত শেহতীয়াকৈ কেটৰিণাক সিদ্ধান্ত চতুৰ্বেদী আৰু ঈশান খাট্টৰৰ সৈতে হৰৰ কমেডী ছবি ‘ফোন ভূত’ত দেখা গৈছিল যিয়ে দৰ্শকৰ পৰা সামান্য সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত তেওঁক দেখা যাব আদিত্য চোপ্ৰাৰ আগন্তুক এক্সন থ্ৰিলাৰ ছবি ‘টাইগাৰ 3’ত ছলমান খানৰ সৈতে, যিখন ছবি 2023 চনৰ দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি দিয়া হ’ব ।

ইয়াৰ উপৰিও, তেওঁৰ হাতত দক্ষিণৰ অভিনেতা বিজয় সেঠুপট্টিৰ বিপৰীতে শ্ৰীৰাম ৰাঘৱনৰ আহিবলগীয়া ছবি মেৰী খ্ৰীষ্টমাছ আৰু আলিয়া ভাট আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ফাৰহান আখটাৰৰ আহিবলগীয়া ছবি জী লে জাৰাও আছে ।

আনহাতে বিকীক গোবিন্দ নাম মেৰাত দেখা গৈছিল ৷ ছবিখনত ভূমি পেডনেকাৰ আৰু কিয়াৰা আদৱানীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । শশাংক খাইতানৰ নেতৃত্বত নিৰ্মিত এই ছবিখন 2022 চনৰ 16 ডিচেম্বৰৰ পৰা অ’টিটি প্লেটফৰ্ম ডিজনী+ হটষ্টাৰত একচেটিয়াভাৱে ষ্ট্ৰীমিং কৰা হৈছে ।

লগতে পঢ়ক : Hrithik Roshan instagram:হৃত্বিক তথা হৃত্বিকৰ সন্তানৰে সৈতে খ্ৰীষ্টমাছ উদযাপন কৰিলে শ্বাবাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.