ETV Bharat / state

Deprived From PMAY : ডি ভোটাৰ হোৱাৰ বাবেই PMAY গৃহৰ পৰা বঞ্চিত এগৰাকী অসহায় মহিলা

author img

By

Published : Dec 26, 2022, 1:27 PM IST

Updated : Dec 26, 2022, 2:26 PM IST

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী অসহায় মহিলা । ডি ভোটাৰ হোৱাৰ বাবেই বাংকাভখঙ্গা গাঁৱৰ ৰাবিয়া খাতুন প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত (Barpeta D voter woman deprived from PMAY house) । তালিকাত নাম অন্তৰ্ভুক্ত থকা সত্ত্বেও খণ্ড সদস্যই নথি-পত্ৰ জমা নোলোৱাৰ অভিযোগ ।
D voter
D voter

জনীয়াত ডি ভোটাৰ মহিলাৰ বিলৈ

জনীয়া, ২৬ ডিচেম্বৰ : পুনৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগা হ'ল এগৰাকী অসহায় মহিলা । এইবাৰ ডি ভোটাৰ হোৱা বাবে চৰকাৰী আৱাস যোজনাৰ পৰা বঞ্চিত হ'বলগা হয় এগৰাকী মহিলা । ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ বাংকাভখঙ্গা গাঁৱত । ডি ভোটাৰ হোৱাৰ বাবেই উক্ত গাঁওখনৰ ৰাবিয়া খাতুন নামৰ মহিলাগৰাকী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত হয় (Barpeta D voter woman deprived from PMAY) ।

আনকি তালিকাত নাম থকাৰ পিছতো খণ্ড সদস্যই তেওঁৰ নথি-পত্ৰ জমা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Barpeta woman deprived from PMAY house) । এই কথা প্ৰকাশ হোৱাৰ পিছতে মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খান (D voter fprum secy Faruk Khan) । ফাৰুক খানে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখ্য, বৰপেটা জিলাৰ কলগাছিয়া ৰূপসী খণ্ড উন্নয়নৰ অন্তৰ্গত তিতাপানী গাঁও পঞ্চায়তৰ ১০ নং খণ্ডৰ বাংকাভখঙ্গা গাঁৱৰ বাসিন্দা হৈছে ৰাবিয়া খাতুন । এইগৰাকী মহিলায়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) গৃহৰ পৰা বঞ্চিত হ'বলগা হৈছে । উল্লেখ্য যে ৰাবিয়া খাতুন কেৱল চৰকাৰী গৃহৰ পৰায়ে বঞ্চিত হোৱা নাই, ডি ভোটাৰ হোৱাৰ বাবে স্বামীৰ ঘৰৰ পৰাও তেওঁক খেদি পঠিওৱাত উপায়ন্তৰ হৈ এটা সন্তানৰ মাতৃ ৰাবিয়া খাতুন নামৰ মহিলাগৰাকীয়ে পিতৃৰ গৃহত থাকিবলৈ লয় ।

ইফালে ৰাবিয়া খাতুনৰ নামত এটা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছিল যদিও তাৰ পৰাও তেওঁ বঞ্চিত হ'বলগীয়া হয় বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে । ৰাবিয়া খাতুনে লগতে উল্লেখ কৰে যে গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি যিকোনো প্ৰমাণ-পত্ৰৰ প্ৰয়োজন হ'লে সকলো ক্ষেত্ৰতে বঞ্চিত হ'বলগীয়া হয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অতি দৰিদ্ৰ মহিলা ৰাবিয়া খাতুনে ইয়াৰ উচিত ন্যায় পাবনে ?

লগতে অসমৰ চৰকাৰৰ ওচৰত ৰাবিয়া খাতুনৰ কাতৰ আহ্বান যাতে তেওঁৰ ডি ভোটাৰৰ সমস্যা সমাধান কৰি ন্যায় প্ৰদান কৰে আৰু ন্যায্য় চৰকাৰী সা-সুবিধাসমূহ ভোগ কৰাৰ ব্যৱস্থা কৰি দিয়ে । আনহাতে, এই সন্দৰ্ভত অধিক জানিবৰ বাবে মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খান । ফাৰুক খানে জানিবলৈ দিয়া মতে, মহিলাগৰাকী ১৯৯৭ চনৰ পৰা ডি ভোটাৰৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে । কিন্তু কোনে তেওঁক ডি ভোটাৰ সজাইছে আৰু কিয় সজাইছে তাৰ কোনো তথ্য নাই ।

ইতিমধ্যে ফাৰুক খানে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ডি ভোটাৰসকলক কিয় ভোটাৰ কাৰ্ড দিয়া হোৱা নাই সেই বিষয়ে জানিবলৈ আবেদন জনাইছিল। কিন্তু তাত উত্তৰ আহিছিল যে কেৱল নিৰ্বাচনৰ বাবেহে ভোটাৰ কাৰ্ডৰ যোগান ধৰা হয়, বাকী কামৰ বাবে নহয় । কিন্তু এতিয়া প্ৰশ্ন হৈছে ৰাবিয়া খাতুন নামৰ মহিলাগৰাকীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ তালিকাত নাম থকা সত্ত্বেও খণ্ড সদস্যই কিয় ঘৰৰ বাবদ নথি-পত্ৰ জমা লোৱা নাই ।

কিয় বাৰে বাৰে বিমুখ কৰিছে অসহায় মহিলাগৰাকীক । এই ক্ষেত্ৰত ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ৰাবিয়া খাতুনৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

Last Updated :Dec 26, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.