ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 8, 2022, 1:00 PM IST

1 বজাৰ শীৰ্ষ 10টা বাতৰি
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

President's Colour Award: মঙলদৈ আৰু বঙাইগাঁৱত অসম আৰক্ষীৰ ৰেলী

ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President colour award to Assam police) লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷ এই সন্মানৰ লগত সংগতি ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীৰ ৷

খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলালে শিলঘাটত

কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant attack in kaliabor) ৷ শনিবাৰে নিশা শিলঘাটৰ ২ নং বিহডুবিত বন্যহস্তীয়ে চলায় উপদ্ৰৱ ৷ জানিব পৰা মতে, তিনিটাকৈ বন্যহস্তীয়ে গাঁৱখনত প্ৰৱেশ কৰি ক্ষতিসাধন কৰে দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ অবিৰ ৰাজভৰ নামৰ এজন লোকৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে ভঁৰালঘৰ ভাঙি শতাধিক ৰঙালাও খাই তহিলং কৰে বন্যহস্তীৰ জাকটোৱে ৷

ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছলৈ অসমৰ পৰশজ্যোতি দাস

ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুযোগ লাভ কৰিছে কলিয়াবৰৰ এজন প্ৰতিভাৱান খেলুৱৈয়ে ৷ নেপালত হ’বলগা আন্তঃৰাষ্ট্ৰীয় গেমছত অসমৰ পৰশজ্যোতি দাসে টাইকোৱাণ্ডো খেলত প্ৰতিনিধিত্ব কৰিব ভাৰতক(Assam Player Selected to Indo Nepal International Games 2022) ৷

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে অপৰাধজনিত ঘটনা : অসম আৰক্ষী

ৰাজ্যত শেহতীয়াভাৱে অপৰাধৰ ঘটনা ক্ৰমাৎ হ্ৰাস হৈছে বুলি অসম আৰক্ষীৰ দাবী কৰিছে (Assam crime rate drops)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই সদৰি কৰা তথ্য মতে, ৰাজ্যত ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ চনৰ মে' লৈ ১,০৯০৮১ টা বিভিন্ন গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২১ চনৰ মে'ৰ পৰা ২০২২ চনৰ এপ্ৰিললৈ ৮৩,৯৪৭ টা গোচৰ ৰুজু হৈছে ।

নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

নলবাৰী এজেপিৰ জিলা সভাপতি নগেন ডেকাক আক্ৰমণ ৷ চহৰৰ মাজমজিয়াৰ হৰিমন্দিৰ চ’কত কোনো অজ্ঞাত দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে জ্যেষ্ঠ নাগৰিকগৰাকীক(Nalbari AJP district president Nagen Deka attacked by miscreants) ৷ ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত দাখিল এজাহাৰ ৷

Char Dham Yatra 2022 : দেওবাৰে ভক্তৰ বাবে মুকলি হ'ব বদ্ৰীনাথৰ দুৱাৰ

উখল-মাখল উত্তৰাখণ্ড । চাৰ ধাম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনলৈ অগণন ভক্তৰ আগমন । দেওবাৰে মুকলি বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ (Badrinath temple to be opened for devotees)। চাৰ ধাম যাত্ৰাৰ বাবে প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ।

World Thalassemia Day 2022 : থেলাচেমিয়া ৰোগ কি ?

প্ৰতি বছৰে ৮ মে'ৰ দিনটো বিশ্ব থেলাচেমিয়া দিৱস বা আন্তৰ্জাতিক থেলাচেমিয়া দিৱস হিচাপে পালন কৰা হয় (World Thalassemia Day 2022)। এই ৰোগৰ সজাগতা বৃদ্ধি, প্ৰতিৰোধৰ উপায় আৰু ৰোগীসকলৰ মাজতো সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয় ।

10 মে’লৈ স্থগিত তাজিন্দৰ বাগ্গাৰ গ্ৰেপ্তাৰী পৰোৱানা

বিজেপি নেতা তেজিন্দৰ পাল সিং বাগ্গালৈ আহিছে কিছু সকাহ ৷ 10 মে'ত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব তাজিন্দৰ বাগ্গাৰ জামিন আবেদনৰ শুনানি(On10th May Punjab and Haryana High Court is to take up Bagga's petition) ৷ ইয়াৰ পূৰ্বে, মোহালি আদালতে বাগ্গাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰু আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছিল ।

কংগ্ৰেছৰ পৰা অব্যাহতি ল'লে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে

কংগ্ৰেছৰ দুৰৱস্থাৰ বাবে ৰিপুণ বৰাক জগৰীয়া কৰে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে । ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছো ধ্বংস হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰবীণ নেতাগৰাকীয়ে । বিশ্বনাথ চাৰিআলি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ তিনিওবাৰেই মন্ত্ৰী হৈছিল নুৰজামাল সৰকাৰ(Former Congress minister Nurjamal Sarkar) ৷

Assam Cabinet Decisions : ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ' পিৰ ক্ষেত্ৰত অনুমোদন (Cabinet decision on urea fertilizer) । পাইকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰি খুচুৰা বিক্ৰেতাসকলে পাব সাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰ । ১২ মে'ৰ পৰা আৰম্ভ হ'ব মিছন ভূমিপুত্ৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.