ETV Bharat / city

ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছলৈ অসমৰ পৰশজ্যোতি দাস

author img

By

Published : May 8, 2022, 11:09 AM IST

Updated : May 8, 2022, 11:43 AM IST

ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুযোগ লাভ কৰিছে কলিয়াবৰৰ এজন প্ৰতিভাৱান খেলুৱৈয়ে ৷ নেপালত হ’বলগা আন্তঃৰাষ্ট্ৰীয় গেমছত অসমৰ পৰশজ্যোতি দাসে টাইকোৱাণ্ডো খেলত প্ৰতিনিধিত্ব কৰিব ভাৰতক(Assam Player Selected to Indo Nepal International Games 2022) ৷

assam-player-selected-to-indo-nepal-international-games-2022
ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছলৈ অসমৰ পৰশজ্যোতি দাস

কলিয়াবৰ, 8 মে’ : ইণ্ডো-নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছ-2022(Indo Nepal International Games 2022)লৈ ভাৰতীয় দলত তালিকাভুক্ত হৈছে কলিয়াবৰ শিলঘাটৰ পৰশজ্যোতি দাস নামৰ সমৰ কলাৰ খেলুৱৈজনে । 28 মে’ৰ পৰা নেপালত হ’বলগা আন্তঃৰাষ্ট্ৰীয় খেলখনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে খেলুৱৈ পৰশজ্যোতি দাসে(Assam players selected for international level ) ।

assam-player-selected-to-indo-nepal-international-games-2022
ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছলৈ অসমৰ পৰশজ্যোতি দাস

সমৰকলাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে বিগত সময়ছোৱাত বহু কণ-কণ শিশুক প্ৰদান কৰি আহিছিল সমৰকলাৰ প্ৰশিক্ষণ ৷ 2028 বৰ্ষত কলিয়াবৰ টাইকোৱাণ্ডো একাডেমী প্ৰতিষ্ঠা কৰি বহু ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ দি আহিছিল খেলুৱৈ পৰশজ্যোতি দাসে । কলিয়াবৰৰ ভিন্ন স্থানত প্ৰায় 100 গৰাকী উদীয়মান শিশুক প্ৰশিক্ষণ দিছে প্ৰশিক্ষক পৰশজ্যোতি দাসে ।

পৰশজ্যোতি দাস

কলিয়াবৰ টাইকোৱাণ্ডো একাডেমীৰ পৰা বহু খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত সমৰকলা খেলত অংশগ্ৰহণ কৰি সফলতা বুটলিবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় খেলখনত অংশগ্ৰহণৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন, যাৰবাবে পৰশে এতিয়া ৰাইজ তথা চৰকাৰৰ পৰা সহায়-সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক : নিজ কৃৰ্তিত্বৰে উজ্জলিছে এঞ্জেল প্ৰিয়া

Last Updated :May 8, 2022, 11:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.