ETV Bharat / state

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে অপৰাধজনিত ঘটনা : অসম আৰক্ষী

author img

By

Published : May 8, 2022, 11:06 AM IST

ৰাজ্যত শেহতীয়াভাৱে অপৰাধৰ ঘটনা ক্ৰমাৎ হ্ৰাস হৈছে বুলি অসম আৰক্ষীৰ দাবী কৰিছে (Assam crime rate drops)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই সদৰি কৰা তথ্য মতে, ৰাজ্যত ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ চনৰ মে' লৈ ১,০৯০৮১ টা বিভিন্ন গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২১ চনৰ মে'ৰ পৰা ২০২২ চনৰ এপ্ৰিললৈ ৮৩,৯৪৭ টা গোচৰ ৰুজু হৈছে ।

ৰাজ্যত অপৰাধৰ ঘটনা ক্ৰমাৎ হ্ৰাস পাইছে : অসম আৰক্ষী
ৰাজ্যত অপৰাধৰ ঘটনা ক্ৰমাৎ হ্ৰাস পাইছে : অসম আৰক্ষী

গুৱাহাটী, ৮ মে’ : ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে অপৰাধজনিত ঘটনা (Crime rate decreased in Assam) । অপৰাধৰ গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰতো অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সফলভাবে কাম কৰি আছে । গুৱাহাটীৰ অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই এই কথা সদৰি কৰে ।

তেওঁ এই সম্পৰ্কত সংবাদমেলত দাঙি ধৰে সম্পূৰ্ণ তথ্য । তথ্য মতে, যোৱা বছৰ ৰাজ্যত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে গড় অপৰাধৰ সংখ্যা আছিল ৩৮৪ টা । চলিত বৰ্ষত ৰাজ্যত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে গড় অপৰাধৰ সংখ্যা ২২২ টা হৈছে ।

আকৌ ২০২১ চনৰ প্ৰথম পৰ্যায়ত ৰাজ্যত আৰক্ষী থানাত পঞ্জীয়ন হোৱা মুঠ গোচৰৰ ২৪,১৫৯ গোচৰ আৰক্ষীয়ে নিষ্পত্তি কৰিছিল ।

২০২২ চনত প্ৰথম পৰ্যায়ত ৰাজ্যত আৰক্ষী থানাত পঞ্জীয়ন হোৱা মুঠ গোচৰৰ ২৮,৪০০ গোচৰ আৰক্ষীয়ে নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে (Assam police have managed to settle 28,400 cases of total cases in the first phase of 2022)। তথ্য মতে, ৰাজ্যত ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ চনৰ মে' লৈ ১,০৯০৮১ টা বিভিন্ন গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২১ চনৰ মে'ৰ পৰা ২০২২ চনৰ এপ্ৰিললৈ ৮৩,৯৪৭ টা গোচৰ ৰুজু হৈছে ।

যোৱা এবছৰত ৰাজ্যত এন ডি পি এছ এক্টৰ অধীনত ২, ৮৩৪ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪৮৩৮ গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, যোৱা এবছৰত ৰাজ্যত ১৪১ টা মানৱ সৰাবৰাহৰ গোচৰ ৰুজু কৰাৰ বিপৰীতে ১০৪ জন মানৱ সৰাবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই কয় যে, চাইবাৰ অপৰাধৰ সম্পৰ্কত অসম আৰক্ষীয়ে সক্ৰিয়ভাৱে কাম কৰি আছে (Assam police actively working on cyber crimes) ।

লগতে পঢ়ক : Death Penalty by ULFA I: দুজন যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰ সম্পৰ্কত আৰক্ষীৰ নীৰৱ স্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.