ETV Bharat / bharat

10 মে’লৈ স্থগিত তাজিন্দৰ বাগ্গাৰ গ্ৰেপ্তাৰী পৰোৱানা

author img

By

Published : May 8, 2022, 12:47 PM IST

বিজেপি নেতা তেজিন্দৰ পাল সিং বাগ্গালৈ আহিছে কিছু সকাহ ৷ 10 মে'ত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব তাজিন্দৰ বাগ্গাৰ জামিন আবেদনৰ শুনানি(On10th May Punjab and Haryana High Court is to take up Bagga's petition) ৷ ইয়াৰ পূৰ্বে, মোহালি আদালতে বাগ্গাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰু আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছিল ।

tejinder bagga to appear in Highcourt
বিজেপি নেতা তেজিন্দৰ পাল সিং বাগ্গালৈ আহিছে কিছু সকাহ

নেশ্যনেল ডেস্ক, 8 মে’ : পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা এটা ডাঙৰ সকাহ লাভ কৰিছে বিজেপি নেতা তেজিন্দৰ পাল সিং বাগ্গাই (In a reprieve for Tajinder Pal Singh Bagga) । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে শনিবাৰে নিশা শুনানি গ্ৰহণ কৰি তাজিন্দৰ পাল সিং বাগ্গাৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা 10 মে'লৈকে স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে (On 10th May Punjab and Haryana High Court is to take up Bagga's petition) ৷

ইয়াৰ পূৰ্বে, মোহালি আদালতে বাগ্গাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল আৰু পঞ্জাৱ আৰক্ষীক বাগ্গাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছিল (Tejinder bagga arrest case) । পঞ্জাৱৰ এডভোকেট জেনেৰেলে ৰাজ্য চৰকাৰৰ হৈ আদালতক জনাইছিল যে, তেওঁ 10 মে'ৰ পুৱা 11 বজালৈকে তেজিন্দৰ বাগ্গাৰ বিৰুদ্ধে জাৰি কৰা জামিন আবেদনৰ ওকালতি নকৰে ।

তাৰ পিছত আদালতে এডভোকেট জেনেৰেলৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি 10 মে'ত শুনানিৰ দিন ধাৰ্য কৰে (tejinder bagga to appear in Highcourt) ৷ তাজিন্দৰ পাল সিং বাগ্গাৰ পৰামৰ্শদাতা চেতন মিত্তালে কয় য়ে, এই শুনানিৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় 45 মিনিট ধৰি চলিছিল ৷ উল্লেখ্যযোগ্য যে, পঞ্জাৱৰ মোহালি আদালতৰ ন্যায়িক দণ্ডাধীশে বিজেপি নেতাজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল ।

তেওঁৰ নিৰ্দেশত দণ্ডাধীশে কয়, "দিল্লীৰ জনকপুৰীৰ প্ৰীতপাল সিঙৰ পুত্ৰ তেজিন্দৰ পাল সিং বাগ্গাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 153-A(ধৰ্ম, জাতি, স্থান আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা), 505 (যিকোনো বিবৃতি, উৰাবাতৰি বা প্ৰতিবেদন প্ৰস্তুত কৰা, প্ৰকাশ বা প্ৰচাৰ কৰা), 505(2) আৰু 506 (অপৰাধমূলক ভাবুকি) ধাৰাৰ অধীনত দণ্ডনীয় অপৰাধৰ গোচৰ ৰুজু কৰে ।

tejinder bagga to appear in Highcourt
বিজেপি নেতা তেজিন্দৰ পাল সিং বাগ্গালৈ আহিছে কিছু সকাহ

তথ্য অনুসৰি, মোহালিস্থিত আপ নেতা ছ’নী আহলুৱালিয়াৰ অভিযোগৰ ভিত্তিত পঞ্জাৱ আৰক্ষীয়ে এপ্ৰিলত বাগ্গাৰ বিৰুদ্ধে উচতনিমূলক ভাষণ প্ৰদান কৰা, শত্ৰু বৃদ্ধি কৰা আৰু অপৰাধমূলক ভাবুকি দিয়া অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল । বাগ্গাই 31 মাৰ্চত দিয়া অটা বিবৃতিৰ ওপৰত ভিত্তি কৰি 1 এপ্ৰিলত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

31 মাৰ্চত বাগ্গাই বিজেপি যুৱ মৰ্চাৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদত বহিছিল ৷ উল্লেখ্য যে, বাগ্গাক শুক্ৰবাৰে তেওঁৰ দিল্লীৰ ঘৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ পঞ্জাৱলৈ লৈ যোৱাৰ সময়তে হাৰিয়ানাত ৰৈছিল আৰু কেইঘণ্টামান পিছত দিল্লী আৰক্ষীয়ে ৰাজধানীলৈ ঘূৰাই আনিছিল ৷

লগতে পঢ়ক : Char Dham Yatra 2022 : দেওবাৰে ভক্তৰ বাবে মুকলি হ'ব বদ্ৰীনাথৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.