ETV Bharat / state

Road accident in Jonai: বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ

author img

By

Published : Jul 22, 2022, 6:38 PM IST

Road accident in Jonai
বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘৰৰ বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ (Road accident in Jonai) ৷

জোনাই, 22 জুলাই: চৰণেহে জানে মৰণৰ ঠাই ৷ ঘৰৰ বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ ৷ জোনাইত সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷

জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃস্পতিবাৰে উজনিমুৱা এখন যাত্ৰীবাহী অট' আৰু নামনিমুৱা এখন স্কৰপিঅ' বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটো সংঘটিত কৰি স্কৰপিঅ'ত থকা 5 জন লোকে ঘটনাস্থলীতে বাহনখন এৰি পলায়ন কৰে (Road accident in Jonai) ৷

বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ

এই দুৰ্ঘটনাত যাত্ৰীবাহী অট'খনত থকা দুজন লোক দুৰুতৰভাৱে আহত হয় (Two people injured)৷ লগে লগে আহত লোক দুজন‌ ক্ৰমে জোনাইৰ ৰোহিতপুৰ দেউৰী গাঁৱৰ অৰুপ দেউৰী (৩২) আৰু জোনাই নেপালী বস্তিৰ কলেশ্বৰ মৰাঙক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় (One dead in Jonai) ৷ অৱশেষত জীৱন মৰণৰ সৈতে যুঁজি যুঁজি শুকুৰবাৰে পুৱা মৃত্যু হয় কলেশ্বৰৰ ৷

মৃত্যুৰ সময়ত লোকজনে দুগৰাকী কন্যা আৰু পত্নীক ইহসংসাৰত এৰি থৈ যায় ৷ লোকজনৰ মৃত্যুত সমগ্ৰ জোনাইত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: Road accident in Diphu: ডিফুত পথ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.