ETV Bharat / state

Road accident in Diphu: ডিফুত পথ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক গ্ৰেপ্তাৰ

author img

By

Published : Jul 17, 2022, 11:19 AM IST

যোৱা ১০ জুলাইত ডিফুৰ সমীপৰ বিৰলা তিনিআলিত পথ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Truck driver arrest in Lumding) ৷ শনিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত চালক গোবিন্দ মজুমদাৰক লামডিং পথৰ সমীপৰ পৰা আত্মগোপন কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে ৷

j
Road accident in Diphu: ডিফুৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত চালকক গ্ৰেপ্তাৰ

ডিফু, ১৬ জুলাই : ডিফুৰ সমীপৰ বিৰলা তিনিআলিত পথ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ অভিযুক্ত চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (Truck driver arrest in Lumding) ৷ উক্ত শোকাৱহ দুৰ্ঘটনাটোত ডিমাপুৰৰ একেটা পৰিয়ালৰে শিশুসহ তিনগৰাকী লোকৰ মৃত্যু হৈছিল ৷ পাছত উক্ত ঘটনাক কেন্দ্ৰকৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । যোৱা ১০ জুলাইত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৷

শনিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে হোজাই জিলাৰ লামডিঙৰ লাষ্ট কলনিৰ নিৱাসী লালমোহন মজুমদাৰৰ পুত্ৰ তথা অভিযুক্ত চালক গোবিন্দ মজুমদাৰক লামডিং পথৰ সমীপৰ পৰা আত্মগোপন কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে ৷ মৃতকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এই সন্দৰ্ভত ডিফু থানাত ভাৰতীয় দন্ড বিধিৰ ২৭৯/৩০৪ এ ধাৰাৰ অধীনত ৫৪/২২ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছিল ।

diphu
Road accident in Diphu: ডিফুৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত চালকক গ্ৰেপ্তাৰ

আৰক্ষীয়ে চালকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ আগত অভিযুক্ত চালকজনে ডিফুৰ পৰা ডিমাপুৰলৈ ট্ৰাকখনত চিমেণ্ট ভৰ্তি কৰি গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্বীকাৰোক্তি দিয়ে ৷

উল্লেখ্য় যে, যোৱা ১০ জুলাইত ডিফু-মাঞ্জা পথৰ বিৰলা তিনি আলিত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল (Road accident in Diphu) ৷ বিয়লি ডিফুৰ পৰা মাঞ্জা অভিমুখে গৈ থকা দহ চকীয়া তীব্ৰবেগী চিমেণ্ট ভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় শিশুসহ এগৰাকী মহিলাক(Three people died in Road accident) ৷ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে ডিফু দিশৰ পৰা খোজ কাঢ়ি আহি থকা এটি শিশুৰ সৈতে মহিলা এগৰাকী আৰু মাঞ্জা দিশৰ পৰা আহি থকা NL 07 R 2744২ নম্বৰৰ মটৰ চাইকেলখনৰ চালকক মহতিয়াই নিছিল ৷ ট্ৰাকখনৰ তলত আৱদ্ধ হৈ থিতাতে মৃত্যুক সাৱটি লৈছিল মটৰ চাইকেলৰ চালকসহ শিশু আৰু মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক:Road accident in Diphu : ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু শিশুসহ মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.