ETV Bharat / state

পুহমহীয়া জাৰত জোনাইত আশ্ৰয়হীন শ শ লোক, গছৰ তল-গোহালিয়েই শেষ ভৰসা

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 12:26 PM IST

Updated : Dec 25, 2023, 2:49 PM IST

Eviction in Jonai
পুহমহীয়া জাৰত জোনাইত নিৰাশ্ৰয় শ শ লোক

অসহায় হৈ পৰিছে জোনাইৰ (Jonai) তেলেমৰ উচ্ছেদিত পৰিয়ালসমূহ ৷ 22 ডিচেম্বত ৰে’ল বিভাগ আৰু জোনাই আৰক্ষীয়ে (Jonai Police) উক্ত অঞ্চলত উচ্ছেদ অভিযান চলাইছিল (Eviction in Jonai) ৷

পুহমহীয়া জাৰত জোনাইত নিৰাশ্ৰয় শ শ লোক

জোনাই, 25 ডিচেম্বৰ : জোনাইৰ তেলেমৰ উচ্ছেদিত পৰিয়ালসকলৰ মৰ্মবেদনাৰ কথা কোনে শুনিব ? ঠেঁটুৱৈ লগা ঠাণ্ডাৰ সময়ত গৃহহীন হৈ পৰা পৰিয়ালসকলৰ শেষ আশ্ৰয় স্থান হৈ পৰিছে এতিয়া গছৰ তল অথবা একোটা তীৰপালৰ তল । গৃহহীন হোৱাৰ পিচতে এখন তীৰপাল, কাৰোবাৰ গোহালি, কাৰোবাৰ ঘৰৰ বাৰান্দা অথবা গছৰ তলতেই এতিয়া খাব আৰু শুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিত লোকসকলৰ ৷

উল্লেখ্য যে, 22 ডিচেম্বৰত ৰে’লৱে বিভাগ আৰু জোনাই আৰক্ষী প্ৰশাসনে তেলেমৰ ৰে’লৱে ভূমিত বসবাস কৰা প্ৰায় 35 টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । পুহমহীয়া হাড় কঁপোৱা ঠাণ্ডাত প্ৰশাসনে চলোৱা উচ্ছেদৰ ফলত অসহায় হৈ পৰা পৰিয়ালসকলে কণ কণ শিশুসকলক লৈ এতিয়া গছৰ তলতেই আশ্ৰয় লৈ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ।

ইফালে ৰে’ল বিভাগে ৰে’লৱেৰ ভূমিত বছৰ বছৰ ধৰি বসবাস কৰা পৰিয়ালসকলক কোনো ধৰণৰ আগজাননী নিদিয়াকৈ হঠাৎ প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভাগী পৰিয়ালসমূহে ৷ সেয়ে ৰে’লৱে বিভাগ আৰু অসম চৰকাৰে উচ্ছেদিত পৰিয়ালসকলক অতি শীঘ্ৰে পুন সংস্থাপন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে উচ্ছেদিত পৰিয়ালসকলে।

এই ক্ষেত্ৰত উচ্ছেদিত পৰিয়ালৰ লোকে কয়, ‘‘ উচ্ছেদৰ বাবে 6 মাহৰ পূৰ্বে আমাক জাননী দিয়া হৈছিল ৷ কিন্তু কেতিয়া উচ্ছেদ কৰা হ’ব সেয়া উল্লেখ কৰা নাছিল জাননীখনত ৷ শুকুৰবাৰে হঠাৎ প্ৰশাসনৰ লোক আহি 1 ঘন্টাৰ ভিতৰতে আমাক ঘৰ খালী কৰিবলৈ কোৱাত শংকিত হৈ পৰিছিল ৰাইজ ৷ আমি এতিয়া ক’লৈ যাম ৷ ক’ত থাকিম ৷ চৰকাৰে আমাক থকাৰ সুবিধা এটা কৰি দিয়ক ৷’’

লগতে পঢ়ক : ধুবুৰীত অবাধে চলি আছে অবৈধ বালিখনন

Last Updated :Dec 25, 2023, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.