ETV Bharat / state

ধুবুৰীত অবাধে চলি আছে অবৈধ বালিখনন

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:33 AM IST

Illegal sand mining in Dhubri
ধুবুৰীত অবাধে চলি আছে অবৈধ বালি খনন

Sand Mining in Dhubri: ধুবুৰী বন বিভাগৰ আশীৰ্বাদত ভিন্ন স্থানত চলিছে অবৈধ বালি খনন । বন বিভাগৰে গোপনীয়তা ৰক্ষা কৰি লুইতৰ বুকুত চলিছে বালি মাফিয়াৰ ৰাজত্ব । সাংবাদিকৰ দল উপস্থিত হোৱাত পলয়ান বালি খনন কৰা শ্ৰমিকৰ ।

ধুবুৰীত অবাধে চলি আছে অবৈধ বালি খনন

ধুবুৰী,২০ ডিচেম্বৰ: বন বিভাগৰ আশীৰ্বাদতেই ধুবুৰীৰ বিভিন্ন স্থানত একাংশ বালি মাফিয়াই দিনে নিশাই অবৈধ ভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্য চলাই থকা ঘটনাই সচেতন মহলক জোকাৰি গৈছে । ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে উঠি অহা বিভিন্ন চৰ অঞ্চলত প্ৰতি বছৰৰ দৰেই এইবেলিও আৰম্ভ হৈছে একাংশ বালি মাফিয়াৰ সন্ত্ৰাস ।

তথ্য অনুসৰি ধুবুৰীৰ মতিৰচৰ অঞ্চলৰ আমেৰভিটা, অয়ৰাণ, জংলা আদি অঞ্চলত বিগত কিছুদিনৰ পৰা অবৈধভাৱে বালিখনন আৰম্ভ হৈছে । স্থানীয় আবুল কাচেম আৰু আবুল কালামৰ লগতে এটা বালি মাফিয়া চক্ৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বুকুত অবৈধ খনন অব্যাহত আছে । এখন চালানেৰে তিনি চাৰি দিনলৈকে শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে চলাই যোৱা হৈছে বালি খনন। লুইতৰ বুকুত জেচিবি লগাই দিনে নিশাই অবৈধভাৱে বালি খনন চলি আহিছে যদিও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী বন সংমণ্ডল বিষয়া এইচ পাঠক আৰু আঞ্চলিক বন বিষয়া তথা ৰেঞ্জাৰ ছফিকুৰ ৰহমানৰ বিৰুদ্ধে ।

কেৱল এটা অঞ্চলতেই নহয়, মতিৰচৰ অঞ্চলত তিনি চাৰিটা স্থানত একাংশ বালি মাফিয়াই অবৈধভাৱে বালিৰ খনন চলাই থকাৰ সমান্তৰাল কৈ ধুবুৰীৰ নিউঘাট অঞ্চল আৰু কুন্তীৰ চৰ অঞ্চলতো অব্যাহত আছে বালিৰ অবৈধ খনন । ইপিনে মঙলবাৰে ধুবুৰীৰ কুন্তীৰচৰ অঞ্চলৰ টিপকাই নৈৰ পাৰত অবৈধভাৱে বালি খনন চলি থকা অৱস্থাত সাংবাদিকৰ দল এটা গৈ ঘটনাস্থলীত উপস্থিত হয় ।

সাংবাদিকৰ দল উপস্থিত হোৱাৰ লগে লগে ট্ৰেক্টৰসহ শ্ৰমিকসকল পলায়ন কৰে । ইপিনে সাংবাদিক যোৱাৰ খবৰ পাই ঘটনাস্থলীত নাটকীয়ভাৱে গৈ উপস্থিত হয় প্রটেকচন ৰেঞ্জাৰ শৰৎ দাসৰ নেতৃত্বত এটা বন বিভাগৰ দল । যদিও নিধিৰাম চৰ্দাৰৰ দৰে যোৱা বন বিভাগৰ দলটোৱে ঘটনাস্থলীৰ পৰা কেৱল কেইখনমান বেলচা জব্দ কৰি লৈ আনে । ধুবুৰী বন সংমণ্ডল কাৰ্যালয়ৰ নাকৰ তলতেই যোৱা দুই তিনিদিন ধৰি অবৈধভাৱে বালি খনন চলি থকাৰ পিছতো কি কাৰণে ধুবুৰী বন বিভাগে নীৰৱতা অৱলম্বন কৰি আছে সেই সম্পৰ্কে এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ।

সাংবাদিকৰ উপস্থিতিৰ পিছতেই গোপন বুজাবুজি থাকিলেও সকলো পাহৰি নাটকীয় ভাবে চলোৱা হয় অভিযান । অৱশ্যে মাটিৰ পাট্টাদাৰ আমিনুৰ ইছলামে ধুবুৰী বন বিভাগত মহলৰ বাবে আবেদন দাখিল কৰা বুলি কৈ লগতে মৌখিকভাৱে বালি খননৰ অনুমতি পোৱা বুলিও দাবী কৰে সাংবাদিকৰ আগত । ফলিমাৰী পঞ্চায়তৰ এটা পথ নিৰ্মাণৰ কাম চলি থকা বাবে উক্ত স্থানৰ পৰা বালি খনন কৰি নিয়া হৈছে বুলিও দাবী কৰে পাট্টাদাৰ আমিনুৰ ইছলামে ।

লগতে পঢ়ক: জ্য়েষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই যোগদান কৰিব কংগ্ৰেছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.