ETV Bharat / state

Press Meet: ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক শীঘ্ৰেই ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী

author img

By

Published : Jun 4, 2023, 10:33 PM IST

জোনাইত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ ধেমাজি জিলা সমিতিৰ সংবাদমেল ৷ ৰাভা উন্নয়ন পৰিষদ গঠন আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী (Joint Press Meet of ARSU and RDCDC) ৷

Joint Press Meet of ARSU and RDCDC
ৰাভা সংগঠনৰ সংবাদমেল

ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবী

জোনাই, 4 জুন: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ ধেমাজি জিলা সমিতিয়ে ৷ এই সন্দৰ্ভত দেওবাৰে চমকং নাৰায়ণপুৰ ৰাভা গাঁৱত সংগঠন দুটাৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে (Joint Press Meet of ARSU and RDCDC Dhemaji) ৷

সংবাদমেলত সংগঠন দুটাৰ নেতৃত্বই কয় যে, 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে চৰকাৰ আৰু আদিবাসী সকলৰ মাজত সম্পাদিত হোৱা চুক্তি অনুসৰি 31 মে'ত অসম চৰকাৰৰ কেবিনেটত আদিবাসী সকলক আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে সংগঠন দুটাই ৷

চৰকাৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠনৰ জৰিয়তে জনগোষ্ঠীটোৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ উত্তৰণ ঘটিব-সেয়া, আদৰণীয় আৰু ধন্যবাদৰ বিষয় বুলি মন্তব্য কৰে (Joint Press Meet of ARSU and RDCDC) ৷

ইয়াৰ সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি নিখিল ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ লগতে অন্যান্য ৰাভা জাতীয় সংগঠন সমূহে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ (আৰ এছ চি এ) এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা আৰু আৰ এছ চিক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও কয় সংগঠন দুটাৰ নেতৃত্বই (All Rabha Students Union) ৷

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰৰ বিশেষকৈ ওদালগুৰি, বাক্সা, চিৰাং, কামৰূপ মহানগৰ, কোকৰাঝাৰ, শোণিতপুৰ, ধেমাজি, বঙাইগাঁও, গোলাঘাট, কাৰ্বি আংলং, তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড়, বৰপেটা, নলবাৰী, ধুবুৰী, শিলচৰ, হাইলাকান্দি, দৰং, লখিমপুৰ আৰু যোৰহাট আদি জিলাত বসবাস কৰি থকা প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰৰো অধিক ৰাভা জনগোষ্ঠীয় জনসাধাৰণ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক দিশত অতি পিছপৰা ৷ লগতে অসমৰ ভূমিপুত্ৰ জনজাতি সম্প্ৰদায়ৰ হোৱা স্বত্বেও ৰাভাসকলে ভৱিষ্যতৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে বুলি কয় নেতৃত্বই (Rabha Development Council Demand Committee) ৷

বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ লগতে আৰছু আৰু নিখিল ৰাভা মহিলা পৰিষদৰ সদ্য অনুষ্ঠিত অধিৱেশনত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰী ডাঃ ৰণোজ পেগু, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সমস্যাৰ সমাধানৰ আশ্বাস দিছিল ৷ গতিকে মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰীয়ে দিয়া আশ্বাস পালন কৰি আৰ এছ এ চিৰ বাহিৰৰ ৰাভা সকলৰ বাবে উন্নয়ন পৰিষদ গঠন আৰু আৰ এছ চিক ষষ্ঠ অনুসূচীত শীঘ্ৰে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে সংগঠন দুটাই ৷ অন্যথা ৰাভা জাতীয় সংগঠন সমূহে ইয়াৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে বুলিও হুংকাৰ দিয়ে (Press Meet) ৷

সংবাদমেলত ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বকুল ৰাভা, ধেমাজি জিলা সমিতিৰ সভাপতি মদন ৰাভা, সাধাৰণ সম্পাদক বলৰাম ৰাভা, আৰছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি মণিৰাম ৰাভা, সাধাৰণ সম্পাদক শচীন্দ্ৰ ৰাভা উপস্থিত থাকে (Rabha Hasong Autonomous Council) ৷

লগতে পঢ়ক: Internal Conflict in BJP: ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিত আৰম্ভ হ’ল নেকি খহনীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.