ETV Bharat / state

Internal Conflict in BJP: ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিত আৰম্ভ হ’ল নেকি খহনীয়া !

author img

By

Published : Jun 4, 2023, 5:47 PM IST

বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছে বিজেপিত । দলত্যাগৰ ধুম উঠিছে উজনিৰ বিজেপিত । শংকিত হৈ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিদ্ৰোহৰ জুই প্রশমিত কৰাৰ অভিযানত নামি পৰিছে । বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাক্ষাৎ কৰিছে দলৰ বিদ্রোহী নেতা-কর্মীক । যোৰহাটত ৮ জন জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ পদত্যাগ (BJP internal conflict) ।

Internal Conflict in BJP
Internal Conflict in BJP

গুৱাহাটী, ৪ জুন: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah) কোৱাৰ দৰেই বিজেপিত এতিয়া খহনীয়া আৰম্ভ হৈছে নেকি ? বৰ্তমান সময়ত সেই কথাই পতিয়মান হৈছে । কাৰণ শাসকীয় দল বিজেপিৰ আভ্যন্তৰত উমি উমি জ্বলি থকা বিদ্ৰোহৰ জুই যেন ক্ৰমাৎ বাঢ়িহে গৈ আছে । বিজেপিত জোৱাৰ উঠিছে পদত্যাগৰ (Assam BJP leader resign)।

উল্লেখ্য যে, বিজেপিৰ ভিতৰচ’ৰাত চলি থকা অসন্তুষ্টিক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ খহনীয়া ৰোধ হোৱাৰ বিপৰীতে বিজেপিত আৰম্ভ হোৱা বুলি সদৰী কৰিছিল । লগতে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বহু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল । বৰ্তমান বিজেপিৰ পৰিস্থিতি দেখি তাৰেই আভাস পৰিলক্ষিত হৈছে (Internal fight in Assam BJP) ।

উল্লেখ্য যে, ৰাজ্যখনৰ বিভিন্ন জিলাত বিজেপি দলৰ আভ্যন্তৰীণ কন্দল অব্যাহত থকাৰ সময়তে যোৰহাট জিলা বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতাৰ কাম-কাজত স্বেচ্ছাচাৰিতাৰ অভিযোগ উত্থাপন কৰি এই পর্যন্ত ৮ জন জিলা পৰ্যায়ৰ বিষয়ববীয়াই নিজ নিজ পদৰ পৰা পদত্যাগ কৰিছে । অৱশ্যে কোনেও দল ত্যাগ কৰা নাই । বিদ্রোহী নেতাসকলে ৰাজ্যিক সভাপতিক তেওঁলোকৰ অসন্তুষ্টিৰ কথাও অৱগত কৰি বিষয়টো শীঘ্ৰেই মীমাংসা কৰাৰ দাবী কৰিছে (BJP leader in resign in Jorhat) ।

ইফালে জিলাখনৰ বিজেপি নেতৃত্বৰ পৰা এনেদৰে আঠজনকৈ গুৰুত্বপূৰ্ণ সদস্যই পদত্যাগ কৰাৰ কথাই জিলাখনৰ বিজেপি আভ্যন্তৰত জোকাৰণিৰ সৃষ্টি কৰিছে । ইফালে যোৰহাট-শিৱসাগৰৰ পিচত ডিব্ৰুগড়তো বিজেপিত খহনীয়াৰ ঢৌ আৰম্ভ হৈছে । গুৱাহাটীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ আই টি চেলৰ বিষয়ববীয়াসকলৰে হোৱা বৈঠকৰ পিচতে যোৰহাট আৰু শিৱসাগৰৰ বহু আই টি চেলৰ নেতা-কর্মীয়ে সমূহীয়াভাৱে পদত্যাগ কৰিছিল (BJP member resign in Sivsagar)।

ইয়াৰ পিচতে ডিব্ৰুগড়তো এজন বিজেপি নেতাই দলটোৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছিল । ডিব্ৰুগড় জিলা বিজেপিৰ অন্তৰ্গত গুইজান মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় দাসে শনিবাৰে আনুষ্ঠানিকভাৱে দলটোৰ বিষয়বাবৰ পৰা পদত্যাগ কৰে । এতিয়া দলত্যাগৰ ধুম উঠিছে উজনিৰ বিজেপিত । এই কার্যত শংকিত হৈ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিদ্ৰোহৰ জুই প্রশমিত কৰাৰ অভিযানত নামি পৰিছে ।

বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাক্ষাৎ কৰিছে দলৰ বিদ্রোহী নেতা-কর্মীক । অব্যাহত আছে ক্ষোভিত নেতা-কর্মীক সৈমান কৰোৱাৰ চেষ্টা । সন্মুখত লোকসভাৰ নির্বাচন (Lok Sabha election 2024) । ইখনৰ পিচত সিখনকৈ জিলাত দেখা দিয়া বিদ্রোহে দলক অভাৱনীয় ক্ষতি কৰিব পাৰে বুলি শংকিত হৈ পৰিছে বিজেপি দল আৰু চৰকাৰ ।

লগতে পঢ়ক: Mechanical failure in flight : গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বিমানত যান্ত্ৰিক বিজুতি; বৰঝাৰত জৰুৰী অৱতৰণ

সেয়ে যিকোনো প্ৰকাৰে এই বিদ্রোহ উপশমৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে দলটোৰ শীৰ্ষ নেতৃত্বই । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোৱাৰ দৰে বিজেপিৰ বহু জ্যেষ্ঠ নেতাই লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ কথা কিমানদূৰ সঁচা হয় সেয়া সময়েহে ক’ব । কিন্তু এইটো কথা লুকাই থকা নাই যে, প্ৰকৃত বিজেপি কৰা বহু জ্যেষ্ঠ নেতা বৰ্তমান সময়ত অসন্তুষ্ট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.