ETV Bharat / state

Assistant Professor death at Jonai: জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিৰ বিয়োগ

author img

By

Published : Nov 10, 2022, 10:39 AM IST

সহকাৰী অধ্যাপক তথা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি,লেখক,কবি ভূপেন চন্দ্ৰ পেগুৰ বিয়োগত শোকস্তব্ধ জোনাই (Former president of Jonai Press Club) । তেওঁ জোনাই বালিকা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈ সেৱা আগবঢ়াইছিল ।

Assistant Professor death at Jonai
জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিৰ বিয়োগ

জোনাই, ১০ নৱেম্বৰ: জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক,জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন সভাপতি,প্ৰাক্তন সাংবাদিক,লেখক, কবি ভূপেন চন্দ্ৰ পেগুৰ (৫২) বুধবাৰে পুৱা দহ বজাত জোনাই সদৰৰ মিগৰ দলুঙৰ নিজা বাসগৃহত মৃত্য়ু হয় (Asst Professor of Jonai Girls College Passed away)। উল্লেখযোগ্য যে পেগুৱে মুৰ্কংচেলেক মহাবিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছতে জোনাই বালিকা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি লাভ কৰি মৃত্যুৰ আগমুহূৰ্তলৈ সেৱা আগবঢ়াইছিল (Murkongselek College)। তেওঁ নিৰ্ভীকতাৰে সংবাদ সেৱা আগবঢ়াইছিল ।

জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিৰ বিয়োগ

পেগুৰ অকাল বিয়োগৰ খবৰ পাই বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইপিনে, জোনাই বালিকা মহাবিদ্যালয়ৰ চৌহদলৈ সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ নশ্বৰ দেহ নি সতীৰ্থ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনায় । তেওঁৰ নশ্বৰ দেহ জোনাই প্ৰেছ ক্লাৱলৈ আনি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

আনহাতে,আছুৰ ছহিদ বেদীৰ সন্মুখলৈ নি ভূপেন চন্দ্ৰ পেগুৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছত ৰতনপুৰ গাঁৱত তেওঁৰ শেষকৃত্য় সম্পন্ন কৰা হয় । সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ শেষ যাত্ৰাত জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু,শিক্ষক-শিক্ষয়িত্ৰী, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগু, সম্পাদক মনোজ প্ৰজিপতি,সাংবাদিক গৌতম পেগু, ফ্ৰেন্সালিয়ান হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজে অংশগ্ৰহণ কৰে ।

মৃত্যুৰ সময়ত পেগুৱে পত্নীৰ লগতে দুগৰাকী কন্যা সন্তান এৰি যায় । ইপিনে,মুৰ্কংচেলেক মহাবিদ্যালয়তো পেগুৰ বিয়োগত শোক প্ৰকাশ কৰা হয় । তেওঁৰ বিয়োগত বিধায়ক ভূৱন পেগু (MLA Bhuwan Pegu),সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ জোনাই মহকুমা সমিতিৰ সাধাৰণ সম্পাদক উপেন পেগু, উপ-সভাপতি দেৱজিৎ পেগু,হিতেশ কুলি, কোষাধ্যক্ষ প্ৰতুল পেগু, প্ৰচাৰ সম্পাদক ৰমেন দলে, সহকাৰী সম্পাদক কৃষ্ণ সোণোৱাল ধেমাজি জিলা সমিতি আৰু কেন্দ্ৰীয় কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Dhula Teenager Murder Case: আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.