5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Nov 14, 2022, 5:01 PM IST

top-10-at-5pm

5 বজাৰ দহটা শীৰ্ষ খবৰ

Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

সোমবাৰে পুৱাই তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত উগ্ৰপন্থী আৰু সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় (Rebel group and Security force encounter at Pengeri) ৷ সম্প্ৰতি সেনাই বন্ধ কৰিছে পেঙেৰী-ডিগবৈ সংযোগী পথ ৷

Hemamalini in Assam : ৰাস চাবলৈ আহিছে ড্ৰীম গাৰ্ল হেমামালিনী

নলবাৰী ঐতিহ্যমণ্ডিত ৰাসত অংশগ্ৰহণৰ বাবে অসমত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী (Actress Hemamalini visited in Assam)৷

Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক

বিয়াৰ প্ৰলোভন দি এগৰাকী যুৱতীক প্ৰেমিকে মুম্বাইলৈ লৈ গৈ নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে (Murder case in Delhi)৷ আফতাবে শ্ৰদ্ধাৰ শৰীৰটো 35 টা টুকুৰ কৰি ফ্ৰীজত সোমোৱাই থৈ দিল্লীৰ বিভিন্ন ঠাইত পেলাই থৈ আহে ৷

NE States Insurgency Condition : দুটা দশকত উত্তৰ পূৰ্বাঞ্চলত উন্নত হৈছে নিৰাপত্তা পৰিস্থিতি

গৃহ মন্ত্ৰালয়ৰ (Ministry of Home Affairs) এক প্ৰতিবেদনত কোৱা হৈছে যে ২০১৪ চনৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতি (security situation in North Eastern States) যথেষ্ট উন্নত হৈছে আৰু বিগত দুটা দশকৰ ভিতৰত ২০২০ চনত সাধাৰণ লোক আৰু নিৰাপত্তা বাহিনীৰ মাজত সৰ্বনিম্ন বিদ্ৰোহমূলক ঘটনা সংঘটিত হৈছে আৰু হতাহতৰ সংখ্যাও অতি কম হৈছে ।

Panidihing Bird Sanctuary : পানীদিহিঙত বিষাক্ত ঔষধ দি হত্যা পৰিভ্ৰমী পক্ষী

কোনে শুনিব পানিদিহিঙৰ পক্ষীৰ বিননি ! চোৰাং চিকাৰীৰ কবলত এতিয়া পানীদিহিঙত দেশী-বিদেশী পৰিভ্ৰমী পক্ষী (migrated birds killed in Panidihing Bird Sanctuary) । কেমেৰাৰ সন্মুখতে বস্তাই বস্তাই মাৰিছে পৰিভ্ৰমী পক্ষী ।

Google Doodle: Doodle for Google ইণ্ডিয়াৰ প্ৰতিযোগিতাত উজ্বলিল কলকাতাৰ ছাত্ৰ

সোমবাৰে গুগলে ২০২২ চনৰ ডুডল ফৰ গুগল প্ৰতিযোগিতাত বিজয়ী ঘোষণা কৰে । এইবাৰ কলকাতাৰ শ্লোক মুখাৰ্জীক ‘ইণ্ডিয়া অন দ্য চেণ্টাৰ ষ্টেজ’ শীৰ্ষক প্ৰেৰণাদায়ক ডুডলৰ বাবে ভাৰতৰ বাবে বিজয়ী ঘোষণা কৰা হয় । সোমবাৰে Google.co.in প্ৰচাৰ কৰা হয় Shlokৰ এই Doodle।

Illegal gambling: চৰাইদেউত চলিছে কুকুৰা যুঁজ আৰু জুৱা খেলৰ অবৈধ বেহা

চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চলত কুকুৰা যুঁজ আৰু জুৱা খেলৰ অবৈধ বেহা(Gambling game at Charaideu) । সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হৈছে জুৱা খেল আৰু কুকুৰা যুঁজৰ EXCLUSIVE দৃশ্য(Illegal gambling and kukura juj at Charaideo) । জিলাখনৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা অবৈধ জুৱা আৰু কুকুৰা যুঁজৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অসম চাহ জনজাতি ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ ।

Trinamool Congress joining programme: মুখ্যমন্ত্ৰীক তুলাধূনা ৰিপুন বৰাৰ

দেওবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বঙাইগাঁও জিলাৰ চাকলাত বঙাইগাঁও জিলা সভাপতি হজৰত আলীৰ পৌৰহিত্য এক জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (Trinamool Congress joining programme in Bongaigaon) ৷এই যোগদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা ৰিপুন বৰাৰ ৷

Man-Elephant conflict: বন্যহস্তীৰ আক্ৰমণত নিহত মাতৃ-পুত্ৰ

গোৱালপাৰা অব্যাহত আছে হাতী মানুহৰ সংঘাত(Man-Elephant conflict in Assam) । পুনৰ হাতীৰ আক্ৰমণত নিহত মাতৃ-পুত্ৰৰ । কুম্ভকূৰ্ণ নিদ্ৰাত বনবিভাগ । ৰংজুলি বন বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিলে ক্ষোভ ।

DAC election 2022: জেপিপিৰ সৈতে বিজেপিয়ে গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ

অৱশেষত বিজেপিৰে মিত্ৰতা কৰিলে জেপিপিয়ে(JPP ties alliance with BJP) ৷ জেপিপিৰ সৈতে বিজেপিয়ে গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ(Deori Autonomous Council) ৷ দেওবাৰে নিশা জেপিপিৰ পাৰিষদৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) ৷ দেউৰী ৰাইজৰ বিকাশ আৰু উন্নয়নৰ বাবে জেপিপি আৰু বিজেপিয়ে মিলি কাম কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.