Illegal gambling: চৰাইদেউত চলিছে কুকুৰা যুঁজ আৰু জুৱা খেলৰ অবৈধ বেহা

By

Published : Nov 14, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চলত কুকুৰা যুঁজ আৰু জুৱা খেলৰ অবৈধ বেহা(Gambling game at Charaideu) । সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হৈছে জুৱা খেল আৰু কুকুৰা যুঁজৰ EXCLUSIVE দৃশ্য(Illegal gambling and kukura juj at Charaideo) । জিলাখনৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা অবৈধ জুৱা আৰু কুকুৰা যুঁজৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অসম চাহ জনজাতি ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ । চাহ বাগিচা আৰু গাঁও অঞ্চলসমূহত গঢ় লৈ উঠা কুকুৰা যুঁজ আৰু জুৱাৰ আড্ডা সমূহৰ ফলত শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ সভাপতি মানৱ বাক্তিৰ ।আটছা চৰাইদেউ জিলা সমিতিয়ে চাহ বাগিচা আৰু গাঁৱ অঞ্চলত কুকুৰা যুঁজ আৰু জুৱা বন্ধ কৰিবলৈ চৰাইদেউ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক দাবী পত্ৰ প্ৰদান কৰাৰ পাছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰাত ক্ষোভ প্ৰশাসনৰ বিৰুদ্ধে। আনহাতে বিভিন্ন অঞ্চলত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগতো কুকুৰা যুঁজ হোৱাৰ অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা গৰাকীৰ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.