Trinamool Congress joining programme: মুখ্যমন্ত্ৰীক তুলাধূনা ৰিপুন বৰাৰ

author img

By

Published : Nov 14, 2022, 2:21 PM IST

Ripun Bora slams CM Himanta Biswa Sarma

দেওবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বঙাইগাঁও জিলাৰ চাকলাত বঙাইগাঁও জিলা সভাপতি হজৰত আলীৰ পৌৰহিত্য এক জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (Trinamool Congress joining programme in Bongaigaon) ৷এই যোগদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা ৰিপুন বৰাৰ ৷

বঙাইগাঁও, 14 নৱেম্বৰ: "এতিয়া অসমত ফেঁচিবাদী শাসন চলাইছে, হিটলাৰী শাসন চলিছে, এতিয়া অসমত কোনো সংবিধান নাই৷ ৰাজ্যৰ শাসনকৰ্তা, আইনৰ ৰক্ষক মুখ্যমন্ত্ৰীয়ে যদি আৰক্ষীক কৈ দিব পাৰে তোমালোকে এনকাউণ্টাৰ কৰি দিয়া, আঁঠুৰ তলত গুলী মাৰি দিবা, গুলী কৰাটো এটা পেটাৰ্ণ বুলি কয় ৷ তেনেহ’লে সেইখন দেশত আইনল কেনেকৈ থাকিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা ৷ আমি অসমত স্বচ্ছ আৰু নিকা প্ৰশাসন দিম৷ আমি মুখ্যমন্ত্ৰীৰ সেই কথাক আদৰণি জনাইছো ৷

মুখ্যমন্ত্ৰীয়ে বহুতো চৰকাৰী কাৰ্যালয়ত অভিযান চলাই একাংশ কৰ্মাচীৰক ঘোচ খোৱাত হাতে-লোটে ধৰা পেলাইছে, গ্ৰেপ্তাৰ কৰিছে, এই কাৰ্য আমি ভাল পাইছো ৷ কিন্তু আমি লগতে এইটো কথা কম তুমিটো পুঠি, খলিহনা কেইটাকহে ধৰিছে, কিন্তু আপোনাৰ বিধায়ক, মন্ত্ৰীকেইজনে কৰা দুৰ্নীতিবোৰ কোনে ধৰিব ৷

আপুনি নিজেও যিবোৰ দুৰ্নীতি কৰি আছে সেইবোৰ কোনে ধৰিব? আজি পেপাৰ বাতৰি চাবই নোৱাৰে চিণ্ডিকেটৰ বাতৰিয়ে ৷ সেইবোৰৰ তদন্ত কৰাওক ৷ " বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত অশগ্ৰহণ কৰি ৰাজ্যিক সভাপতি ৰিপুন বৰাই এই মন্তব্য প্ৰকাশ কৰে (Ripun Bora slams CM Himanta Biswa Sarma) ৷

Trinamool Congress joining programme: মুখ্যমন্ত্ৰীক তুলাধূনা ৰিপুন বৰাৰ

দেওবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বঙাইগাঁও জিলাৰ চাকলাত বঙাইগাঁও জিলা সভাপতি হজৰত আলীৰ পৌৰহিত্বত এক জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (Trinamool Congress joining programme in Bongaigaon) ৷ এই সভাত অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ আমিনুল ইছলামে অসমৰ সাংবাদিকৰ উদ্দেশ্য কটু মন্তব্য কৰাৰ বাবে ৰিপুন বৰা আৰু আমিনুল ইছলামে ক্ষমা খোজে (Trinamool Congress joining programme) ৷

এই যোগদান সভাত সভাত অগপ, কংগ্ৰেছ আৰু এআইডিইউএফৰ পৰা ৩০ জন নেতা কৰ্মী যোগদান কৰে বুলি জানিবলৈ দিয়ে । সভাত ৰাজ্যিক সাধাৰণ সম্পাদক মেহবুব হুছেইন, ৰাজ্যিক সম্পাদক বসন্ত শৰ্মা, চিৰাং জিলাৰ সভাপতি অনিৰ্বান সেনে ভাষণ দিয়ে ৷

ইফালে বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khalek) ৰিপুণ বৰাক কটাক্ষ কৰি কয় যে অসমত তৃণমূল কংগ্ৰেছে ক’ত শিপাব পাৰিব ? অসমত তৃণমূল কংগ্ৰেছ কৰা মানেই বিজেপিক সহায় কৰা ৷ ৰিপুণ বৰাই কংগ্ৰেছত সভাপতি হৈ থাকোতেই যিকেইটাই দিনত কংগ্ৰেছ কৰি ৰাতি বিজেপি কৰে সেইকেইটাৰ বিৰুদ্ধে ব্যৱস্থা লব লাগিছিল ৷ মই জনাত তেনে মানুহ এজন কংগ্ৰেছত আছিল ৷ ৰিপুন বৰাই নিজেই সেই মানুহজনক টিকট দিবলৈ উঠি পৰি লাগিছিল ৷

লগতে পঢ়ক: পেঙেৰী বনাঞ্চলত উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ গুলীয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.