Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

author img

By

Published : Nov 14, 2022, 11:03 AM IST

Updated : Nov 14, 2022, 2:52 PM IST

Army and police Firing with ULFA at Pengeri forest area

সোমবাৰে পুৱাই তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত উগ্ৰপন্থী আৰু সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় (Rebel group and Security force encounter at Pengeri) ৷ সম্প্ৰতি সেনাই বন্ধ কৰিছে পেঙেৰী-ডিগবৈ সংযোগী পথ ৷

তিনিচুকীয়া, 14 নৱেম্বৰ: তিনিচুকীয়াৰ ডিগবৈ-পেঙেৰী সংযোগী পথত অৱস্থিত আপাৰ দিহিং বনাঞ্চলৰ মাজত থকা ফাঁচি দলৰ সমীপত সোমবাৰে পুৱা প্ৰায় ৯ বজাত এক আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (IED blast at Pengeri) ৷ জানিব পৰা মতে সেনাৰ বুলেট প্ৰুফ বাহন এখনক উদ্দেশ্য কৰি উগ্ৰপন্থীৰ দল এটাই পূৰ্বৰে পৰা সংস্থাপিত কৰি ৰাখিছিল আইইডিটো (Extremist sets IED at Pengeri)৷

ইয়াৰ পিছতে বনাঞ্চলৰ ভিতৰতে আৰক্ষী-সেনা আৰু উগ্ৰপন্থী দলটোৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয় (Rebel group and Security force encounter at Pengeri) ৷ এক গোপন সূত্ৰৰ পম খেদি সেনাই বনাঞ্চলখনত আলফাৰ এটা পাঁচজনীয়া দল আশ্ৰয় লৈ থকাৰ সন্দেহত অভিযান চলাইছিল ৷ এই অভিযানৰ মাজতে উগ্ৰপন্থীৰ দলটোৱে সংস্থাপিত কৰি ৰখা আইইডিটো বিস্ফোৰণ ঘটে ৷

সেনাৰ বাহনলৈ লক্ষ্য কৰি উগ্ৰপন্থীৰ আইইডি বিস্ফোৰণ

আলফা(স্বা) আৰু সেনা-আৰক্ষীৰ মাজত গুলীয়াগুলী সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Army and police Firing with ULFA)৷ গুলীয়াগুলীৰ পিছতে সমগ্ৰ বনাঞ্চলখন সেনা-আৰক্ষীয়ে আগুৰি ধৰাৰ লগতে পথটো দুয়োফালে বন্ধ কৰি ৰাখিছে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উজনি অসমৰ DIG জিৎমল দলেৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগতে বৰ্তমানো সন্দেহজনক আলফা(স্বা)ৰ দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

IED বিস্ফোৰণৰ লগতে দলটোৰ গুলীত সেনাবাহিনীৰ বাহনখনৰ যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ পৰিলক্ষিত হৈছে ৷ এইপৰ্যন্ত আলফা(স্বা) অথবা সেনা-আৰক্ষীৰ কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই ঘটনাৰ ফলত গুলীয়াগুলীৰ শব্দ শুনি স্থানীয় লোকসকল আতংকিত হোৱাৰ পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Hemamalini in Assam : ৰাস চাবলৈ আহিছে ড্ৰীম গাৰ্ল হেমামালিনী

Last Updated :Nov 14, 2022, 2:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.