Hemamalini in Assam : ৰাস চাবলৈ আহিছে ড্ৰীম গাৰ্ল হেমামালিনী

author img

By

Published : Nov 14, 2022, 12:51 PM IST

Updated : Nov 14, 2022, 1:45 PM IST

Actress Hemamalini visited in Assam

নলবাৰী ঐতিহ্যমণ্ডিত ৰাসত অংশগ্ৰহণৰ বাবে অসমত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী (Actress Hemamalini visited in Assam)৷

গুৱাহাটী, 14 নৱেম্বৰ: অসমলৈ আহিছে ড্ৰীম গাৰ্ল ৷ ড্ৰীম গাৰ্লক এবাৰ ওচৰৰ পৰা চাবলৈ বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱাৰে পৰা গুণমুগ্ধই ভিৰ কৰিছেহি ৷ আজি ৰাস চাবলৈ অসমত উপস্থিত হৈছে ড্ৰীম গাৰ্লখ্যাত বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী ৷

ৰাজ্যজুৰি ৰাসৰ উদুলি মুদুলি পৰিৱেশ (Raas Mahotsav in Assam) ৷ নলবাৰী ঐতিহ্যমণ্ডিত ৰাসত অংশগ্ৰহণৰ বাবে অসমত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী (Actress Hemamalini visited in Assam)৷

"মই ৰাসৰ কথা শুনি আহিছো ৷ মই মথুৰাটো ৰাস কৰি আহিছো৷ মোক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ জনোৱা অনুসৰি মই নলবাৰীলৈ ৰাস চাবলৈ আহিছো ৷ মই এই ৰাসৰ বৰ্ণাঢ্য কাৰ্যসূচী চাবলৈ অতিকৈ আগ্ৰহেৰে বাট চাইছো ৷ এইবাৰ মই অসমৰ ৰাস চাম ৷" বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈয়েই অনুৰাগীত দেখি অভিভূত হৈ পৰে অভিনেত্ৰীগৰাকী ৷ নলবাৰীৰ ৰাসত অংশগ্ৰহণ কৰাৰ আগ্ৰহেৰে সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৷

সোমবাৰে পুৱা ১০ বজাত বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত অৱতৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ বিমান বন্দৰত উষ্ম আদৰণি জনোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুলৈ অভিমুখে লৈ যোৱা হয় অভিনেত্ৰীগৰাকীক। হোটেলতে কিছু সময় জিৰণি লৈ বিয়লি হেমামালিনী ৰাওনা হ'ব নলবাৰীলৈ ।

Hemamalini in Assam : ৰাস চাবলৈ আহিছে ড্ৰীম গাৰ্ল হেমামালিনী

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ প্ৰভু শ্ৰীকৃষ্ণৰ আৰাধনাৰ থলী পবিত্ৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ উদ্যোগত উদযাপিত নলবাৰী ৰাস মহোৎসৱত হেজাৰ হেজাৰ ভক্ত তথা ৰাইজে সমাগম কৰেহি (Nalbari Raas mahotsav 2022) । নলবাৰীৰ স্বাভিমানৰ প্ৰতীক ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱ । উজনি নামনিৰ প্ৰতিটো প্ৰান্তৰ পৰাই এই ৰাসথলীত ৰাস উপভোগ কৰিবলৈ আহে হেজাৰ হেজাৰ লোক ।

নামনি অসমৰ এইখন ৰাসত এইবেলি ১৪ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ জীৱন্ত ৰাসৰো আয়োজন কৰা হৈছে । জীৱন্ত ৰাসখন উদ্বোধন কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে(Dream girl Hema Malini) । অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আনহাতে ১৫ নৱেম্বৰত নলবাৰীৰ ৰাস উপভোগ কৰিবলৈ আহিব বলীউডৰ কমেডী অভিনেতা গোৱৰ্ধনৰ্ধ আশ্ৰানী ।

নলবাৰীৰ ৰাসত এইবেলি বাণিজ্য মেলা, গ্ৰন্থমেলা, দক্ষতা বিকাশ কৰ্মীকে আদি কৰি মিনা বজাৰৰ লগতে পাঁচখন পাঁ কৈ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীয়ে নাট প্ৰদৰ্শনকৰিব(Trade fair at Nalbari raas festival) ।

লগতে পঢ়ক : পেঙেৰী বনাঞ্চলত উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ গুলীয়াগুলী

Last Updated :Nov 14, 2022, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.