Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক

author img

By

Published : Nov 14, 2022, 2:25 PM IST

girl-murdered-in-love-affair-by-bringing-her-from-mumbai-to-delhi

বিয়াৰ প্ৰলোভন দি এগৰাকী যুৱতীক প্ৰেমিকে মুম্বাইলৈ লৈ গৈ নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে (Murder case in Delhi)৷ আফতাবে শ্ৰদ্ধাৰ শৰীৰটো 35 টা টুকুৰ কৰি ফ্ৰীজত সোমোৱাই থৈ দিল্লীৰ বিভিন্ন ঠাইত পেলাই থৈ আহে ৷

নেশ্যনেল ডেস্ক, 14 নৱেম্বৰ: প্ৰেমৰ ভয়ংকৰ পৰিণতি (Delhi Crime News)৷ প্ৰেম কৰোঁতে সাৱধান হওক ৷ প্ৰেমেই কাল হ’ল এগৰাকী যুৱতীৰ ৷ বিয়াৰ প্ৰলোভন দি এগৰাকী যুৱতীক প্ৰেমিকে মুম্বাইলৈ লৈ গৈ নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে (Murder case in Delhi)৷

ঘটনা অনুসৰি মহাৰাষ্ট্ৰ পালঘৰৰ শ্ৰদ্ধা নামৰ এগৰাকী যুৱতীয়ে মালাডস্থিত এটি বহুজাগতিক প্ৰতিষ্ঠানৰ কল চেণ্টাৰত কাম কৰিছিল (Girl murdered in Delhi)৷ কৰ্মৰত ঠাইতেই আফতাব আমীন নামৰ এজন যুৱকৰ লগত শ্ৰদ্ধাৰ চিনাকি হয় ৷ লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ ৰূপ লয় (Girl murdered in love affair in Delhi)৷

ইয়াৰ পিছতে শ্ৰদ্ধাই ঘৰৰ লোকৰ পৰা আঁতৰি দিল্লীত আফতাবৰ লগত লিভ-ইন ত থাকিবলৈ আৰম্ভ কৰে ৷ কিন্তু শ্ৰদ্ধা আৰু আফতাবৰ সম্পৰ্কৰ কথা ঘৰত গম পোৱাৰ লগে লগে শ্ৰদ্ধাৰ ঘৰৰ লোকে সম্পৰ্কটো মানি লবলৈ অমান্তি হয় (Girl murdered by her Boyfriend)৷

দিন বাগৰি যোৱাৰ লগে লগে শ্ৰদ্ধাই আফতাবক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে৷ প্ৰায়ে এই কথা লৈ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি লৈছিল ৷ কিন্তু 18 মে’ তাৰিখে এই কাজিয়াৰ চৰম ৰূপ লোৱাত আফতাবে ডিঙি কাটি হত্যা কৰে শ্ৰদ্ধাক ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি আফতাবে শ্ৰদ্ধাৰ শৰীৰটো 35 টা টুকুৰা কৰি ফ্ৰীজত সোমোৱাই থৈ দিল্লীৰ বিভিন্ন ঠাইত পেলাই থৈ আহে ৷

ইফালে শ্ৰদ্ধাৰ পিতৃয়ে মহৰৌলী থানাত শ্ৰদ্ধা নিখোজ হোৱাৰ এক গোচৰ ৰুজু কৰিছিল ৷ ইয়াৰ পিছৰে পৰা এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শ্ৰদ্ধাক বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰি দিছিল ৷ অৱশেষত দিল্লী আৰক্ষীয়ে চহৰখনৰ বিভিন্ন ঠাইত শৰীৰৰ কটা অংশ উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ এই তদন্তত ওলাই পৰে প্ৰকৃত তথ্য ৷

এই ঘটনা সংঘটিত হোৱাৰ 5 মাহৰ পিছত দিল্লী আৰক্ষীয়ে প্ৰেমিক আফতাবক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জেৰাত শ্ৰদ্ধাক নৃশংসভাৱে হত্যা কৰাৰ স্বীকাৰ কৰে পশুৰূপী আফতাবে ৷

লগতে পঢ়ক: Buffalo Died due to Loud Sound of Helicopter: হেলিকপ্টাৰৰ শব্দত ম’হৰ মৃত্যুৰ অভিযোগত গোচৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.