Panidihing Bird Sanctuary : পানীদিহিঙত বিষাক্ত ঔষধ দি হত্যা পৰিভ্ৰমী পক্ষী

author img

By

Published : Nov 14, 2022, 1:46 PM IST

migrated-birds-killed-in-panidihing-bird-sanctuary

কোনে শুনিব পানিদিহিঙৰ পক্ষীৰ বিননি ! চোৰাং চিকাৰীৰ কবলত এতিয়া পানীদিহিঙত দেশী-বিদেশী পৰিভ্ৰমী পক্ষী (migrated birds killed in Panidihing Bird Sanctuary) । কেমেৰাৰ সন্মুখতে বস্তাই বস্তাই মাৰিছে পৰিভ্ৰমী পক্ষী ।

শিৱসাগৰ, ১৪ নৱেম্বৰ : শৰতকালৰ পিছত শীতৰ আগমনৰ লগে লগে অসমলৈ আগমন ঘটে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ (migratory birds in Assam) । পৰিভ্ৰমী চৰাইৰ কোলাহত মুখৰিত হৈ পৰে আকাশ-বতাহ । বিভিন্ন খাল-বিল, পক্ষী অভয়াৰণ্য তথা উদ্যানসমূহত এই চৰাইবোৰে শোভাবৰ্ধন কৰে । লগতে প্ৰকৃতিপ্ৰেমীৰ মনতো সিঁচি দিয়ে আনন্দৰ ৰং ।

কিন্তু তাৰ মাজতো কিছু অসাধু লোকে এই নিষ্পাপ, মৰমলগা পক্ষীবোৰৰ ওপৰত চলায় নিৰ্যাতন (Dishonest people torture innocent birds) । নিজৰ বিকৃত মানসিকতাৰ পৰিচয়ৰে হত্যা কৰে এই অবোধ পক্ষীবোৰক । তেনে এক দৃশ্যয়ে এতিয়া দৃষ্টিগোচৰ হৈছে পানীদিহিং অভয়াৰণ্যত (Panidihing Sanctuary) ।

কোনে শুনিব পানী দিহিঙৰ পক্ষীৰ বিননি ! চোৰাং চিকাৰীৰ কবলত এতিয়া পানীদিহিঙত দেশী-বিদেশী পৰিভ্ৰমী পক্ষী (migrated birds killed in Panidihing Bird Sanctuary) । কেমেৰাৰ সন্মুখতে বস্তাই বস্তাই মাৰিছে পৰিভ্ৰমী পক্ষী । যি দৃশ্য দেখিলে সকলোৰে চকু সেমেকি উঠিব । এয়া শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ কৰুণ দৃশ্য ।

দেশ-বিদেশৰ পৰা পক্ষী উভয়াৰণ্যখনলৈ অহা জাক জাক পৰিভ্ৰমী পক্ষীক কোনো দুষ্কৃতিকাৰীয়ে বিষাক্ত ঔষধ দি হত্যা কৰিছে অভয়াৰণ্যখনত (migratory birds to Panidihing Bird Sanctuary) । চোৰাং চিকাৰীৰ দলে প্ৰথমতে দৰৱ দি যোৱাৰে পৰা উক্ত দৰৱ খাই মৃত্যু হোৱা চৰাই মোনাত ভৰাই নিয়ালৈকে সমগ্ৰ ঘটনা বন্দী হৈছে কেমেৰাত ।

আনহাতে, চোৰাং চিকাৰীৰ হাতত থাকে চোকা অস্ত্ৰও । কিন্তু তাৰ বিপৰীতে বন বিভাগ নীৰৱ-নিঃসহায় । উল্লেখ্য, শীতৰ আগমনৰ লগে লগে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে ভৰি পৰে পানীদিহিং পক্ষী অভয়াৰণ্য । কিন্তু এই চোৰাং চিকাৰীৰ কবলত পৰি পানীদিহিঙৰ পৰা ঘূৰি যাব নোৱাৰে পক্ষীবোৰ । কৰুণভাৱে মৃত্যুক সাবটিবলগা হয় এই অবোধ পক্ষীবোৰে ।

পানীদিহিঙত ব্যাপক হাৰত হত্যা পৰিভ্ৰমী পক্ষী

দৈনিক এনেদৰে হত্যা কৰি ভক্ষণ কৰাৰ লগতে বিভিন্ন ঠাইত দুষ্কৃতিকাৰীয়ে বিক্ৰী কৰি আহিছে পক্ষীবোৰ । কিন্তু চৰকাৰ তথা বন বিভাগ চকুমুদা কুলিৰ ভাৱত । অৱশ্যে এক প্ৰকাৰ অসহায় বনকৰ্মীসকল । কিয়নো এমুঠিমান বনকৰ্মীৰে ইমান ডাঙৰ পক্ষী অভয়াৰণ্যখন সুৰক্ষা দিয়াটো এপাচি শাকত এটা জলকীয়াৰ দৰে কথা ।

চোৰাং চিকাৰী ধৰাত অসমৰ্থ বন বিভাগে সাংবাদিকে দেখুৱাই দিয়া এই চোৰাং চিকাৰীকেইটাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে এনেদৰেই চলি থাকিব পক্ষী নিধন যজ্ঞ ? এনেদৰেই দৈনিক হত্যা হৈ থাকিব নেকি নিঃসহায় পক্ষীবোৰ ? যদি এনেদৰেই চলি থাকিবলগা হয় তেন্তে নিশ্চিতভাৱে এদিন ধ্বংসৰ মুখত পৰিব পানিদিহিং পক্ষী অভয়াৰণ্য ! কিন্তু এতিয়া কোনে শুনিব পানিদিহিং পক্ষী অভয়াৰণ্যৰ কৰুণ বিননি !

লগতে পঢ়ক :Children's day: শিশুৰ মানসিক স্বাস্থ্যৰ যতনৰ সময়ত কি কৰা উচিত- জানো আহকচোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.