Man-Elephant conflict: বন্যহস্তীৰ আক্ৰমণত নিহত মাতৃ-পুত্ৰ

author img

By

Published : Nov 14, 2022, 2:21 PM IST

mother son dead in wild elephant attack

গোৱালপাৰা অব্যাহত আছে হাতী মানুহৰ সংঘাত(Man-Elephant conflict in Assam) । পুনৰ হাতীৰ আক্ৰমণত নিহত মাতৃ-পুত্ৰৰ । কুম্ভকূৰ্ণ নিদ্ৰাত বনবিভাগ । ৰংজুলি বন বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিলে ক্ষোভ ।

গোৱালপাৰা,১৪ নৱেম্বৰ: ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত(Man-Elephant conflict in Assam) । গোৱালপাৰতো বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ । হাতীৰ আক্ৰমণত প্ৰায়েই প্ৰাণ হেৰুৱাইছে সৰ্বসাধাৰণ ৰাইজে(Man-Elephant conflict in Goalpara) । পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱা দুজনে । গোৱালপাৰাৰ জিলাৰ মাটিয়া কাৰিপাৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । পুৱতিনিশা এটা অকলশৰীয়া প্ৰকাণ্ড হাতীৰ গচকত মৃত্যু হ’ল মাতৃ আৰু পুত্ৰৰ(Two killed in elephant attack at Goalpara) ৷

মৃত মহিলা গৰাকীৰ নাম মঞ্জিলা খাতুন আৰু চাৰিবছৰীয়া পুত্ৰ মিনহাজুল হক ৷ নিহত মাতৃ-পুত্ৰৰ ঘৰ গোৱালপাৰাৰ ৰাক্ষসিনী গাৰোপাৰাত বুলি জানিব পৰা গৈছে । পেটৰ তাৰণাত ইটাভাটাত হাজিৰা কৰিবৰ বাবে কাৰিপাৰালৈ আহিছিল দুখীয়া পৰিয়ালটো । পুৱতি নিশা এটা অকলশৰীয়া বনৰীয়া হাতীয়ে গচকী প্ৰাণ নিয়ে মাতৃ পুত্ৰৰ ।

বন্যহস্তীৰ আক্ৰমণত নিহত মাতৃ-পুত্ৰ

ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু বনবিভাগৰ লোক ৷ ঘটনা স্থলীত মাটিয়া আৰক্ষী উপস্থিত হৈ মাতৃ-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে ঘটনাস্থলীত বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ । ৰংজুলি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে(People react against forest department at Goalpara) ।

উল্লেখ্য যে, হাতী-মানুহৰ সংঘাত গোৱালপাৰা জিলাখনত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এই ক্ষেত্ৰত মহামান্য উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছিল যে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে টাস্ক’ ফৰ্চ গঠন কৰিব লাগে । কিন্তু আজিৰ তাৰিখলৈকে জিলা বন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ’ল ৷

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.