5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Nov 10, 2022, 5:00 PM IST

top-10-at-5pm

5 বজাৰ দহটা শীৰ্ষ খবৰ

DAC poll counting: বিজেপিৰ স্বপ্ন ভংগ; কংগ্ৰেছৰো ফলাফল হতাশজনক

আজি ঘোষণা হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC election result 2022) ৷ বিজেপি মিত্ৰজোঁটে 22 খন আসনতে জয়ী হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰণ নহ’ল ৷ ইফালে এই নিৰ্বাচনত আকৌ এবাৰ দুৰাৱস্থা হ’ল কংগ্ৰেছৰ ৷

DAC Election Result 2022 : 95 টা ভোটৰ ব্যৱধানত গহপুৰত শেষ হাঁহি মাৰিলে শশাংকৰ বৰদেউৰীয়ে

অৱশেষত ঘোষণা হ’ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC Election Result 2022) ৷ গহপুৰ বিধান সভা সমষ্টিৰ 22 নং দেউৰী স্বায়ত্তশাসিত পৰিষদত শেষ হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে (Shashank Bordeori win in DAC Election 2022 at Gohpur)৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে 95 টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

Law and order situation in Tripura : ত্ৰিপুৰাত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে

ত্ৰিপুৰাত আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ (Tripura CM reacts over law and Order situation)। মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যখনত অপৰাধৰ সংখ্যা পূৰ্বত কৈ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে । বিৰোধী অভিযোগক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক ।

SC ST Demand : ছয় জনগোষ্ঠীৰ জনজাতিকৰ দাবীত উত্তাল প্ৰতিবাদ

দুটা দশক ধৰি ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কেৱল প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি জনজাতিকৰণৰ পৰা বঞ্চিত আটাইকেইটা সংগঠনে বৃহস্পতিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (protest of 6 tribes in Guwahati) ।

DAC Election Result 2022: যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাটত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীয়ে(Congress Candidate Keshab deori win) ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীক ১৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

APCC president comment on Ajmal: কিহৰ বাবে ভূপেন বৰাই ক’লে আজমল ইন্টাৰনেশ্য়নেল মানুহ ?

বৰপেটা জিলাৰ জনীয়া সমষ্টিত বৃহস্পতিবাৰে ভাৰত জোড়ো যাত্রাত (Bharat Jodo Yatra) অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয়, "বদৰুদ্দিন আজমল ইন্টাৰনেশ্য়নেল মানুহ ৷ তেওঁ য'ত যায় যাওঁক (APCC president criticised Badruddin Ajmal) ৷

Eviction in Nagaon: নগাঁৱত ৰে'ল বিভাগৰ ভূমিত উচ্ছেদ অভিযান

দীৰ্ঘদিনৰ পৰা বিতৰ্কত থকা নগাঁৱৰ ৰে'ল বিভাগৰ ভূমিত চলিল জিলা প্ৰশাসন আৰু ৰে'ল বিভাগৰ উচ্ছেদ অভিযান (Railway department and administration eviction)। বহু বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে । শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান । উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰাৰ দাবী ।

Maldives garage fire: মালদ্বীপৰ ভয়ংকৰ অগ্নিকাণ্ডত ৮ ভাৰতীয়ৰ মৃত্যু

মালদ্বীপৰ ৰাজধানী চহৰ মালেত সংঘটিত অগ্নিকাণ্ডত ৮ গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Eight Indians died in Maldives fire)। অগ্নিকাণ্ডত মৃত্যু হোৱা ২ গৰাকী লোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । আৱাসিক এলেকাৰ গেৰেজত লাগিছিল জুই ।

Youth arrested with fake gold:মহানগৰীত নকল সোণসহ আটক দুই যুৱক

মহানগৰীত নকল সোণসহ আটক দুই যুৱক (Youth arrested with fake gold) ৷ যুৱক দুজনৰ নাম বুলণ্ড সহৰ আৰু খলিদ বুলি জানিব পৰা গৈছে ৷ যুৱকদ্বয়ৰ পৰা উদ্ধাৰ 1 কিলো 790 গ্ৰাম নকল সোণ ৷

Massive fire in Guwahati: মহানগৰীৰ চচলস্থিত অট্টালিকাত অগ্নিকাণ্ড

মহানগৰীৰ ছয়মাইলৰ চচলত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Guwahati) ৷ বৃহস্পতিবাৰে পুৱা এঘাৰ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ মহানগৰীৰ ভি আই পি ৰোডত অৱস্থিত জয়ন্ত এনক্লেভ নামৰ এটা আৱাসিক অট্টালিকাত এই অগ্নিকাণ্ড সংঘটিত হয় (Fire breakout in Guwahati) ৷ অট্টালিকাটোৰ চতুৰ্থ মহলাৰ চতুৰ্থ মহলাৰ হিতেন্দ্ৰ কুমাৰ ফুকন নামৰ লোকজনৰ ফ্লেটত ঘটে এই অগ্নিকাণ্ড ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.