SC ST Demand : ছয় জনগোষ্ঠীৰ জনজাতিকৰ দাবীত উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 10, 2022, 4:19 PM IST

Ghy

দুটা দশক ধৰি ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কেৱল প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি জনজাতিকৰণৰ পৰা বঞ্চিত আটাইকেইটা সংগঠনে বৃহস্পতিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (protest of 6 tribes in Guwahati) ।

গুৱাহাটী, ১০ নৱেম্বৰ : অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ পুনৰ সৰৱ হৈ পৰিছে টাই আহোম, চুতীয়া, মটক, কোচ ৰাজবংশী, মৰাণ আৰু চাহ জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ (SC ST demand by 6 tribes of Assam) । বিগত দুটা দশক ধৰি প্ৰতিটো নিৰ্বাচনতে ছয় জনগোষ্ঠীক অন্যতম ইছ্যু হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে কেৱল প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি জনজাতিকৰণৰ পৰা বঞ্চিত আটাইকেইটা সংগঠনে বৃহস্পতিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Protest of 6 tribes in Guwahati) ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা টাই আহোম, চুতীয়া, মটক, কোচ ৰাজবংশী, মৰাণ, চাহ জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তুলি হাতে হাতে বিভিন্ন দাবীসম্বলিত প্লে'-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে জনজাতিকৰণ আমাক লাগিবই, জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বিজেপি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হায়, হায়, হিমন্ত বিশ্ব হুঁচিয়াৰ আদি চৰকাৰবিৰোধী শ্লোগানেৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে (demanding tribalisation of 6 tribes) ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰ দাবীত উত্তাল প্ৰতিবাদ

সদৌ অসম চুতীয়া ছাত্ৰ সন্থা (All Assam Chutia Student Union), টাই আহোম যুৱ পৰিষদ, অসম (TAYPA), সদৌ অসম মটক ছাত্ৰ সন্থা (ALL Assam Matak Student Union), সদৌ অসম কোচ ৰাজবংশী সন্মিলনী (All Assam Koch Rajbongshi Sanmilanee), সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASAA) সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰূপায়ণ কৰা হয় আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সমাগত সংসদৰ শীতকালীন অধিবেশনৰ সময়ত লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ছয় জনগোষ্ঠীৰ সংগঠনে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক :Eviction in Nagaon: নগাঁৱত ৰে'ল বিভাগৰ ভূমিত উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.