DAC poll counting: বিজেপিৰ স্বপ্ন ভংগ; কংগ্ৰেছৰো ফলাফল হতাশজনক

author img

By

Published : Nov 10, 2022, 3:43 PM IST

Updated : Nov 10, 2022, 4:19 PM IST

DAC poll counting

16:17 November 10

আজি ঘোষণা হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC election result 2022) ৷ বিজেপি মিত্ৰজোঁটে 22 খন আসনতে জয়ী হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰণ নহ’ল ৷ ইফালে এই নিৰ্বাচনত আকৌ এবাৰ দুৰাৱস্থা হ’ল কংগ্ৰেছৰ ৷

জোনাইত 6 টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী পৰাস্ত :

জোনাইত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা । ৬ টা ভোটৰ ব্যৱধানত বিজয়ী জেপিপি দলৰ প্ৰাৰ্থী ৰাজেশ দেউৰী । মুঠ ৫ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৯৬৮ জনৰ ভিতৰত ৮০৫ জনে ভোটাধিকাৰ সাব্যস্ত কৰে । জেপিপি দলে ৩৯২ টা ভোট লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত দেউৰীয়ে ৩৮৬ টা ভোট লাভ কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ সৰুমাই দেউৰীয়ে ২ টা ভোট লাভ কৰাৰ বিপৰীতে ২৫ টা ভোট নাকচ হৈছে ৷

16:07 November 10

আজি ঘোষণা হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC election result 2022) ৷ বিজেপি মিত্ৰজোঁটে 22 খন আসনতে জয়ী হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰণ নহ’ল ৷ ইফালে এই নিৰ্বাচনত আকৌ এবাৰ দুৰাৱস্থা হ’ল কংগ্ৰেছৰ ৷

ধেমাজিত বিজেপিৰ হাতত মাত্ৰ এখন আসন:

ধেমাজিত বিজেপিৰ আধিপত্য নস্যাৎ কৰিলে দেউৰী সমাজে ৷ আজি ঘোষিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুখ থেকেঁচা খালে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৷ ঘোষিত ফলাফল অনুসৰি ধেমাজি মহকুমাৰ ১৩ নং বৰদলনি সমষ্টিত জেপিপি দলৰ প্ৰাৰ্থী জিণ্টু চান দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ চিদানন্দ দেউৰীক ৪১ টা ভোটৰ ব্যৱধানত পৰাস্তকৰে ৷ সেইদৰে ১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ভৱানী দেউৰীক ১৩৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷ ইফালে, ১২ নং গোগামুখ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাকেশ বৰদেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী ধমেন্দ্ৰ দেউৰীক ২৬ টা ভোটত পৰাস্ত কৰে ৷ ১১ নং শ্ৰীপানী সমষ্টিত JPP দলৰ প্ৰাৰ্থী বীনাপাণি দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ টুটুমনি দেউৰীক ১৬২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ উল্লেখযোগ্য যে আজিৰ ফলাফলত শাসকীয় মিত্ৰজোঁটে মুখথেকেচা খোৱাৰ ঘটনাই এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷

14:57 November 10

আজি ঘোষণা হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC election result 2022) ৷ বিজেপি মিত্ৰজোঁটে 22 খন আসনতে জয়ী হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰণ নহ’ল ৷ ইফালে এই নিৰ্বাচনত আকৌ এবাৰ দুৰাৱস্থা হ’ল কংগ্ৰেছৰ ৷

লখিমপুৰত ধূলিস্যাৎ কংগ্ৰেছ :

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত লখিমপুৰত মিত্ৰজোঁটৰ বৃহৎ সাফল্য (DAC election result 2022) ৷ চাৰিটা সমষ্টি নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় অগপ-বিজেপি মিত্ৰজোঁট ৷ বিজেপিয়ে 4 খন আৰু অগপই এখন আসন লাভ কৰে লখিমপুৰত ৷ ইফালে জিমছায়া পিপলচ পাৰ্টী চমুকৈ জেপিপিয়ে লাভ কৰে 3 খন আসন ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহজিলাত সম্পূৰ্ণ ৰূপে ধূলিস্যাৎ হ’ল কংগ্ৰেছ ৷ দলটোৱে লাভ কৰিবলৈ সক্ষম নহ’ল এখনো আসন ৷ লখিমপুৰৰ 15 নং বৰদেউৰী সমষ্টি, 20 নং বঙালমৰা সমষ্টি, 21 নং গাভৰু টুনিজান সমষ্টিত বিজয় সাব্যস্ত কৰে বিজেপি দলে ৷ 16 নং বাহগড়া সমষ্টি দখল কৰে অগপ দলে ৷ আনহাতে, 17 নং কাচিকটা সমষ্টি, 18 পিচলা সমষ্টি আৰু 19 নং কিনাপথাৰ সমষ্টি জেপিপি দলৰ দখললৈ যায় ৷

মাজুলীত বিজেপিৰ বেড্ লাক :

আজি ঘোষণা হ’ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল (DAC election result) । দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 9 নং মাজুলী সমষ্টিত মুখ ঠেকেচা খালে বিজেপিয়ে । ৯ নং মাজুলী পৰিষদীয় সমষ্টিত বিজয়ৰ নিচান উৰুৱাই জেপিপি দলৰ ৰূপকুমাৰ দেউৰীয়ে ৷ উল্লেখ্য যে, মাজুলীত জেপিপি দলক সমৰ্থন আগবঢ়াইছিল কংগ্ৰেছে ৷ নিৰ্বাচনৰ পূৰ্বে মাজুলীত বিজেপিৰ বাঘা বাঘা নেতাই নিৰ্বাচনী প্ৰচাৰ চলাই 22 খন আসনতে জয়ী হোৱাৰ কথা কৈছিল ৷ কিন্তু কাৰ্যতঃ বিজেপিৰ সেই সপোন সাকাৰ নহ’ল ৷ বহুকেইটা পৰিষদীয় সমষ্টিত পৰাজয়ৰ মুখ দেখিব লগা হ’ল বিজেপিয়ে ৷

গহপুৰত বিজেপিৰ জয় :

২২ নং গহপুৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ৷ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে 95 টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । তাৰ বিপৰীতে জেপিপি দলৰ হেমন্ত দেউৰীয়ে 684 টা ভোট লাভ কৰে ৷ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ৰাজু দেউৰীয়ে মাত্ৰ ২১ টা ভোট লাভ কৰে ।

Last Updated :Nov 10, 2022, 4:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.