Law and order situation in Tripura : ত্ৰিপুৰাত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে

author img

By

Published : Nov 10, 2022, 3:48 PM IST

Law and order situation in Tripura

ত্ৰিপুৰাত আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ (Tripura CM reacts over law and Order situation)। মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যখনত অপৰাধৰ সংখ্যা পূৰ্বত কৈ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে । বিৰোধী অভিযোগক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক ।

আগৰতলা,১০ নৱেম্বৰ : ত্ৰিপুৰাৰ আইন শৃংখলা পৰিস্থিতিক লৈ বিৰোধী দলসমূহে বিজেপিক বিভিন্ন ধৰণে সমালোচনা কৰি আহিছে (Tripura oppositions slams BJP)। এইবাৰ সেই অভিযোগসমূহৰ বাবে বিৰোধীক সমালোচনা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই (Tripura CM slams oppositions)। বিৰোধীক উভতি ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৮ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতে ৰাজ্যখনত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে ।

ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আয়োজিত বৈঠকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৈঠকখনত মুখ্যমন্ত্ৰী ডাঃ সাহাৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনৰ লগতে জিলা আৰক্ষী অধীক্ষক, ডিআইজি, আইজিকে ধৰি সকলো জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে ।

বৈঠকৰ অন্তত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ সকলো জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰিছে আৰু আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে । বিৰোধীয়ে অভিযোগ কৰিছে যে আইন-শৃংখলা সম্পূৰ্ণৰূপে ধ্বংস হৈছে কিন্তু আৰক্ষী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে বুলি উল্লেখ কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে বিশেষকৈ যোৱা পাঁচ মাহত হত্যা, অত্যাচাৰ, ডকাইতি আদি ঘটনা হ্ৰাস পাইছে ।

মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে আক্ৰমণৰ ঘটনা প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে । আনহাতে হত্যা, ধৰ্ষণ আদি ঘটনাৰ ক্ষেত্ৰতো এক ব্যাপক পৰিৱৰ্তন হৈছে । তেওঁৰ মতে অপৰাধৰ গ্ৰাফ নিম্নগামী হৈছে (Crime rate drastically declined in Tripura)। নিৰ্বাচন আহি আছে সেয়ে আৰক্ষীক আইন-শৃংখলা বজাই ৰখাৰ বাবে সকলো সম্ভৱ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ।

নিৰ্বাচনৰ লগত সংগতি ৰাখি আন্তঃগাঁথনি আৰু আৰক্ষীৰ অভাৱ সম্পৰ্কেও কিছুমান বিষয় উত্থাপন কৰা হৈছে । এই সমস্যা সমাধানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই বৈঠকখনে প্ৰমাণ কৰিছে যে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে ।

তেওঁ লগতে কয় যে যদি আইন-শৃংখলা পৰিস্থিতি বজাই ৰখা নহয়, তেন্তে অনাগত দিনবোৰত উন্নয়নত বাধাৰ সৃষ্টি কৰিব । তেওঁ উল্লেখ কৰা মতে এই চৰকাৰখনক লৈ ৰাইজ সুখী আৰু নিৰ্বাচন আহি থকাৰ লগে লগে বিৰোধী ৰাজনৈতিক দলসমূহৰ এটা অংশই আইন-শৃংখলাৰ অৱনতি ঘটাবলৈ চেষ্টা কৰি আছে যাক বিজেপিয়ে সহ্য নকৰে ।

লগতে পঢ়ক :Farmers Day at Agricultural Research Station: ধানখেতি বৰ্তমান লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে: বিদ্যুৎ চন্দন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.