APCC president comment on Ajmal: কিহৰ বাবে ভূপেন বৰাই ক’লে আজমল ইন্টাৰনেশ্য়নেল মানুহ ?

By

Published : Nov 10, 2022, 4:47 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

বৰপেটা জিলাৰ জনীয়া সমষ্টিত বৃহস্পতিবাৰে ভাৰত জোড়ো যাত্রাত (Bharat Jodo Yatra) অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয়, "বদৰুদ্দিন আজমল ইন্টাৰনেশ্য়নেল মানুহ ৷ তেওঁ য'ত যায় যাওঁক (APCC president criticised Badruddin Ajmal) ৷ তেওঁৰ বায়'ডাটা আমি জানো ৷ তেওঁৰ কৰ্মকাণ্ড আমি জানো ৷ তেওঁৰ মুল কথা হৈছে অগৰু গছৰ ব্যৱসায় ৷" প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে ৰাজনীতি আজমলৰ এক নম্বৰ কথা নহয় ;অগৰু গছৰ ব্যৱসায়হে এক নম্বৰ ৷ অগৰু গছৰ ব্যৱসায় ভালকৈ কৰিবলৈ দিয়া বাবে তেওঁ এতিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আখ্য়া দিছে (CM Himanta Biswa Sarma) ৷ ভালকৈ ব্যৱসায় কৰিবলৈ দিলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আখ্য়া দিব বুলি তেওঁ কটাক্ষ কৰে ৷ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে ইয়াতকৈ ভালকৈ ব্যৱসায় কৰিবলৈ দিলে মুখ্যমন্ত্ৰীক আল্লা, ভগৱান বুলিও ক'ব ৷ আমাক লৈ আজমলে চিন্তা কৰিব নালাগে বুলি তেওঁ কয় ৷ ইপিনে, দেউৰী পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে বিজেপিয়ে দেউৰী পৰিষদৰ ২২ আসন পাব বুলি দাবী কৰিছিল (Bhupen Bora criticised govt)৷ চাহ বাগানত যেনেকৈ 'কলম' দিয়ে তেনেকৈ দেউৰী পৰিষদৰ নিৰ্বাচনতো ভূমিপুত্ৰ দেউৰীসকলে বিজেপিৰ পদুম ফুলক কলম দি দিছে (Deori Council Election)৷ তদুপৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়, "মুছলমানসকল অসমৰ জাতীয় জীৱনৰ অংগ বুলি অকল মই কোৱা নাই ৷"

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.