ETV Bharat / state

শাওণৰ পথাৰত চিৰাল ফাঁট : দৰঙত খৰাঙে জুৰুলা কৰিছে কৃষকক

author img

By

Published : Aug 8, 2021, 6:53 PM IST

দৰঙত শাওণৰ পথাৰত চিৰাল ফাঁট ৷ গাঁঠিৰ ধন ভাঙি তথা ঋণ লৈ কৃত্ৰিমভাৱে খেতিপথাৰত পানীৰ ব্যৱস্থা কৰিছে উপায়ন্তৰ কৃষকে ৷ শাওণৰ পথাৰত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি ৷

farmers-are-in-deep-tension-because-of-dought-in-darrang
পথাৰত চিৰাল ফাঁটঃ দৰঙত খৰাঙে জুৰুলা কৰিছে কৃষকক

দৰং, 8 আগষ্ট : দৰঙত শাওণৰ পথাৰত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ কাৰণ বৰষুণৰ অভাৱত খেতি পথাৰত কঠিয়া ৰুবলৈ নাই পৰ্যাপ্ত পৰিমানৰ পানী ৷ যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে ৷ উপায়হীন হৈ কৃত্ৰিমভাৱে খেতি পথাৰত পানীৰ ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰিছে দৰঙৰ কৃষক ৰাইজ ৷ চৰকাৰী জলসিঞ্চন বিভাগৰ পঁয়ালগা অৱস্থাৰ ফল ভুগিছে এইসকল কৃষকে ৷

উল্লেখ্য যে, দৰঙৰ ছিপাঝাৰৰ হাতীমূৰীয়া অঞ্চলৰ খেতি পথাৰত এতিয়া বৰষুণৰ অভাৱত চিৰাল ফাঁট মেলা দেখিবলৈ পোৱা গৈছে ৷ যাৰ বাবে বৰষুণৰ পানীক ভৰষা কৰি কৃষি কাৰ্য কৰা কৃষক সকলে পানীৰ অভাৱত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে ৷ চৰকাৰী জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাৰ বাবে মাটি চহোৱাৰ পিছতো কৃষক সকলে ৰুব পৰা নাই কঠিয়া ৷ উপায়ন্তৰ হৈ কৃষি মন্ত্ৰীলৈ সহায়ৰ আহ্বান জনাইছে অঞ্চলটোৰ কৃষক ৰাইজে ৷

পথাৰত চিৰাল ফাঁটঃ দৰঙত খৰাঙে জুৰুলা কৰিছে কৃষকক

ইফালে পথাৰত পানী যোগান ধৰিবৰ বাবে একাংশ কৃষকে কৃত্ৰিম পদ্ধতি অৱলম্বন কৰিছে যদিও অধিকাংশ কৃষকেই ইয়াৰ বাবে সক্ষম নহয় ৷ কাৰণ পানী যোগান ধৰা মেছিন যোগাৰ কৰাৰ বাবে আৰ্থিকভাৱে সৱল নহয় এইসকল কৃষক ৷

আনহাতে, ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবেও একাংশ কৃষকে কৃত্ৰিম পদ্ধতিৰে খেতি পথাৰত পানী যোগান ধৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে ৷ খৰাং পীড়িত এইসকল কৃষকে মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰী আৰু কৃষি বিভাগক পথাৰত পানী যোগানৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়কঃ লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.