লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

author img

By

Published : Aug 8, 2021, 1:52 PM IST

thief_at_Doctor's_House

ডিব্ৰুগড়ত এগৰাকী বনকৰা মহিলাৰ ঘৰত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা । এক লাখ, দুই লাখ নহয় প্ৰায় পোন্ধৰ লক্ষাধিক টকা । কিন্তু ক’ৰ পৰা মহিলাগৰাকীয়ে পালে এই টকা ৷

ডিব্ৰুগড়, 8 আগষ্ট : ডিব্ৰুগড়ত এগৰাকী বনকৰা মহিলাৰ ঘৰত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা । এক লাখ বা দুই লাখ নহয় মহিলাগৰাকীৰ ঘৰত পোৱা হৈছে প্ৰায় পোন্ধৰ লক্ষাধিক টকা । এগৰাকী বনকৰা মহিলাৰ ঘৰত ক’ৰ পৰা ইমান টকা আহিল তাকে লৈ সকলোৰে মাজত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে ।

ডিব্ৰুগড়ত লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

প্ৰাপ্ত তথ্য অনুসৰি, ৰুমেনা বেগম নামৰ নালীয়াপুলৰ এটা ভাড়াঘৰত থকা এগৰাকী মহিলাৰ ঘৰত ওলাইছে এইদৰে লাখে লাখে টকা । মহিলাগৰাকীয়ে এই বৃহৎ পৰিমাণৰ টকা তেওঁ বনকৰা ডাঃ প্ৰেমানন্দ দাসৰ ঘৰৰ পৰা চুৰি কৰি আনিছে । বিগত দুবছৰ ধৰি মহিলাগৰাকীয়ে চিকিৎসকগৰাকীৰ ঘৰৰ পৰা চুৰি কৰি আহিছে টকা ।

চিকিৎসকগৰাকীয়ে ঘৰৰ পৰা কিছুদিনৰ পৰা পইচা নোহোৱা হোৱা কথাটো লক্ষ্য কৰি আছিল ৷ যদিও এই কাণ্ড কোনে কৰিছে তেওঁ নিশ্চিত হ’ব পৰা নাছিল । অতি বিশ্বাসী ৰুমেনাক তেওঁলোকে কেতিয়াও সন্দেহ কৰা নাছিল । কিন্তু শেহতীয়াকৈ ৰুমেনাৰ চাল-চলনত তেওঁলোকৰ সন্দেহ হয় আৰু শুকুৰবাৰে ৰুমেনাই গম নোপোৱাকৈ তেওঁলোকে শুৱনিকোঠাত এটা ম'বাইল কেমেৰা সংযোগ কৰি ৰাখে ।

thief_at_Doctor's_House
ডিব্ৰুগড়ত লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ম'বাইল কেমেৰাত চুৰি কাৰ্যৰ সকলো তথ্য ৰেকৰ্ড হোৱাত ৰুমেনাৰ কুকার্য ধৰা পৰে । চিকিৎসকগৰাকীয়ে তৎক্ষণাত আৰক্ষীক গোচৰ দিয়াত আৰক্ষীয়ে ৰুমেনাৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীৰ এই তালাচীত ৰুমেনাৰ ঘৰৰ পৰা প্ৰায় পোন্ধৰ লাখ টকা উদ্ধাৰ হয় । আৰক্ষীয়ে টকাখিনি জব্দ কৰাৰ লগতে ৰুমেনা বেগমকো গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : কিয় দৰ্শকৰ মাজত বিফল হ’ল Singh is King?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.