ETV Bharat / sitara

কিয় দৰ্শকৰ মাজত বিফল হ’ল Singh is King?

author img

By

Published : Aug 8, 2021, 12:24 PM IST

13 years of singh is king
singh is king 13 বছৰ সম্পূৰ্ণ

বলীউডৰ ছবি ‘Singh is King’ ৰ মুক্তিলাভৰ 13 টা বছৰ সম্পূৰ্ণ ৷ অৱশ্যে ছবিখনে বক্স অফিচ (Box Office)ত বিশেষ সফলতা লাভ কৰিব নোৱাৰাৰ লগতে কাহিনীটোক লৈ বহু সমালোচনাৰো সন্মুখীন হৈছিল ৷

চিটাৰা ডেস্ক, 8 আগষ্ট : 2008 চনৰ 8 আগষ্টত মুক্তিলাভ কৰা বলীউডৰ ছবি ‘Singh is King’ য়ে সম্পূৰ্ণ কৰিলে মুক্তিৰ 13 টা বছৰ ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অক্ষয় কুমাৰ (Akshay Kumar) আৰু কেটৰিনা কাইফ (Katrina Kaif) ৰ অন স্ক্ৰীন যুটিটোৱে সেই সময়ত এক বিশেষ চৰ্চা লাভ কৰিছিল ৷

সৰহ সংখ্যক চলচ্চিত্ৰক দুটা বহল শ্ৰেণীত বিভক্ত কৰিব কৰা হয় ৷ এক শ্ৰেণীৰ লক্ষ্য হৈছে মনোৰঞ্জন দিয়া আৰু অন্য কিছুমান ছবি ধন উপাৰ্জনৰ একমাত্ৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হয় । Singh is King ছবিখনকো এক ছবিৰ শাৰীত নাৰাখি ধন উপাৰ্জনৰ মাধ্যম বুলিহে একাংশ সমালোচকে ক’ব খোজে ৷ অৱশ্যে ছবিখনৰ ‘তেৰী ঔৰ’ (Teri Ore) গীতটিয়ে দৰ্শকৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰিছে ৷

13 years of singh is king
singh is king 13 বছৰ সম্পূৰ্ণ

লগতে পঢ়ক : ব্লকবাষ্টাৰ ছবি Chennai Express ৰ 8 বছৰীয়া যাত্ৰা...

কিয়নো Singh is King ৰ নিৰ্মাতাই ছবিখনৰ জৰিয়তে দৰ্শকক এক বাৰ্তা প্ৰদান কৰাৰ পৰিৱৰ্তে দৰ্শকসকলক একপ্ৰকাৰ আমনি দিয়াহে পৰিলক্ষিত হৈছিল ৷ ইয়াৰোপৰি ছবিখনত দেখুওৱা শিখ সম্প্ৰদায়ক লৈ এক বিৰূপ বাৰ্তা প্ৰেৰণ কৰা বুলিও একাংশই মত প্ৰকাশ কৰে ৷ শিখ সম্প্ৰদায়ৰ পুৰুষসকলে পাগুৰি পিন্ধাৰ লগতে দাড়ি ৰখাতোও তেওঁলোকৰ এক সংস্কৃতি ৷ কিন্তু ছবিখনত অক্ষয় কুমাৰে পাগুৰি পিন্ধিলেও দাড়ি নৰখাৰ বাবে একাংশ শিখ সম্প্ৰদায়ৰ দৰ্শকে ইয়াৰ সমালোচনা কৰে ৷

এই ছবিখনে বক্স অফিচ (Box Office)ত সফলতা লাভ কৰিব নোৱাৰা এনেকুৱা বহু কাৰণ দাঙি ধৰিছে ছবি সমালোচকসকলে ৷ ইফালে ছবিখনত কেটৰিণা কাইফে পৰিধান কৰা সাজ-সজ্জাকলৈও মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ কেটৰিণাই পৰিধান কৰা পোছাকসমূহ কিছুক্ষেত্ৰত ছবিখনৰ বাবে গ্ৰহণযোগ্য নহয় বুলিও একাংশই মন্তব্য কৰিছে ৷

লগতে পঢ়ক : অসমীয়া ছবি ‘God on the Balcony’ লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.