ETV Bharat / state

চিপৰাঙৰ নালেৰে প্ৰহাৰ কৰি চুবুৰীয়াক হত্যা নিচাসক্ত যুৱকৰ

author img

By

Published : Aug 30, 2022, 11:33 AM IST

Updated : Aug 30, 2022, 1:36 PM IST

দৰঙৰ কটাহীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে (Brutal murder in Darrang)৷ মঙলবাৰে নিশা নিচাসক্ত যুৱকে চিপৰাঙৰ নালেৰে কোবাই কোৱাই হত্যা কৰিলে চুবুৰীয়াক (youth stabbed a neighbour)৷ ইতিমধ্যে পাথৰিঘাট আৰক্ষীয়ে হত্যাকাৰী জিতুমনি নাথক আটক কৰিছে (Police arrested killer youth)।

youth stabbed a neighbour in Darrang
চিপৰাঙৰ নালেৰে প্ৰহাৰ কৰি চুবুৰীয়াক হত্যা নিচাসক্ত যুৱকৰ

দৰং, 30 আগষ্ট: দানৱৰূপী মানৱৰ বৰ্বৰকাণ্ড ৷ দৰঙৰ কটাহীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে (Brutal murder in Darrang)৷ মঙলবাৰে নিশা এজন নিচাসক্ত যুৱকে চিপৰাঙৰ নালেৰে কোবাই কোবাই হত্যা কৰিলে এগৰাকী চুবুৰীয়াক ( youth stabbed a neighbour)৷

ঘটনা অনুসৰি সুৰাসক্ত জিতুমনিয়ে(26) ঘৰৰ সমীপতে থকা পৰেশ চহৰীয়া(42) নামৰ লোকজনৰ ঘৰত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে প্ৰৱেশ কৰে ৷ পৰেশৰ পিতৃয়ে আহাৰ গ্ৰহণ কৰি থকা কাঁহীখনতে জিতুমনিয়ে ভৰিখন থৈ দিয়ে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি পৰেশে জিতুমনিক ধমকি দিয়ে ৷ ফলত দুয়োৰে মাজত তৰ্কা তৰ্কিৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

চিপৰাঙৰ নালেৰে প্ৰহাৰ কৰি চুবুৰীয়াক হত্যা নিচাসক্ত যুৱকৰ

কাজিয়াৰ অন্ত পেলাই পৰেশে জিতুমনিক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু উদণ্ড জিতুমনিয়ে খঙত অগ্নিশৰ্মা হৈ কাষতে থকা চিপৰাঙৰ নালেৰে পৰেশক কোবাই কোবাই হত্যা কৰে ৷ লগে লগে ঘৰখনত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ উমান পাই স্থানীয়ে লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ পাথৰিঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰেশৰ মৃতদেহটো উদ্ধাৰ কৰে ৷

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী জিতুমনিক গ্ৰেপ্তাৰ কৰিছে (Police arrested killer)৷ হাপামাৰাৰ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহোঁতেই এই জঘন্য ঘটনা সংঘটিত কৰে জিতুমনিয়ে ৷ আৰক্ষীয়ে হত্যাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অন্তঃসত্বা মহিলাক ধৰ্ষণৰ চেষ্টা লম্পটৰ, আৰক্ষীৰ জালত অভিযুক্ত

Last Updated :Aug 30, 2022, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.