ETV Bharat / state

অন্তঃসত্বা মহিলাক ধৰ্ষণৰ চেষ্টা লম্পটৰ, আৰক্ষীৰ জালত অভিযুক্ত

author img

By

Published : Aug 30, 2022, 8:03 AM IST

Updated : Aug 30, 2022, 8:46 AM IST

Attempt to rape case at Noonmati
অন্তঃসত্বা মহিলাক ধৰ্ষণৰ চেষ্টা লম্পটৰ,

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী অন্তঃসত্বা মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলাই ৰঙা ঘৰৰ আলহী হ’ল এটা লম্পট (Attempt to rape case at Noonmati)৷

গুৱাহাটী, 30 আগষ্ট: মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এক জঘন্য কাণ্ড (Crime case in Guwahati)৷ এগৰাকী অন্তঃসত্বা মহিলাক ধৰ্ষণৰ চেষ্টা এটা পাষণ্ডৰ (Attempt to rape case)৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ স্নানাগাাৰত প্ৰৱেশ কৰি মহিলগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল লম্পটটোৱে ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, পূৰ্বৰ পৰা চিনাকি সূত্ৰে ভুক্তভোগী মহিলা গৰাকীৰ ঘৰলৈ সঘন আহ-জাহ আছিল তাবিয়াল আলী নামৰ অভিযুক্তটোৰ ৷ দেওবাৰে সন্ধিয়া তাবিয়ালে মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীৰ ঘৰলৈ আহিছিল । সেই সময়ত মহিলা গৰাকী স্নানাগাৰতে আছিল (Attempt to rape of pregnant women) ।

অন্তঃসত্বা মহিলাক ধৰ্ষণৰ চেষ্টা লম্পটৰ, আৰক্ষীৰ জালত অভিযুক্ত

তেনে সময়তে লম্পট তাবিয়াল আলিয়ে স্নানাগাৰৰ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায় যদিও মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পটটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে দেওবাৰে নিশাই নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল ৷ মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত নুনমাটিৰ নিজৰাপাৰ অঞ্চলত আত্মগোপন কৰি থকা লম্পত তাবিয়াল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Police arrested accused)৷

ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 364/365 নং ধাৰাৰ অধীনত 374/22 নম্বৰত থানাত এটা গোচৰ ৰুজু কৰা হৈছে । যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলা গৰাকী তিনি মহীয়া অন্তঃসত্তা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কৰিমগঞ্জত চাৰি যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী

Last Updated :Aug 30, 2022, 8:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.