ETV Bharat / state

কৰিমগঞ্জত চাৰি যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী

author img

By

Published : Aug 29, 2022, 9:48 PM IST

ৰাজ্যত আকৌ ধৰ্ষণৰ ঘটনা ৷ এইবাৰ দুষ্ট মনোবৃত্তি লোকৰ কামনাৰ বলি হ’ল কৰিমগঞ্জৰ এগৰাকী যুৱতী (Gang Rape in Karimganj) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ ইফালে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে তিনি অভিযুক্তক ৷ বৰ্তমানে পলাতক এজন অভিযুক্ত ৷

Four men kidnapped and gang raped a girl
কৰিমগঞ্জত চাৰি যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী

কৰিমগঞ্জ, 29 আগষ্ট : কৰিমগঞ্জৰ নিলাম বজাৰ অঞ্চলত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দলগ্ৰাম গাঁৱত এগৰাকী যুৱতীক চাৰি যুৱকে ধৰ্ষণ কৰে (Gang Rape in Karimganj) ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে তিনি যুৱকক ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানো পলায়ন কৰি আছে এজন যুৱক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লিৰ ভাগত এগৰাকী যুৱতীক একে গাঁৱৰে পূৰ্ব পৰিচিত ৰহিম উদ্দিন নামৰ যুৱকজনে ফুচলাই এখন বাহনত লৈ যায় ৷ যাত্ৰা পথতে আৰু তিনি সহযোগীক গাড়ীত উঠাই লৈ যায় অভিযুক্ত ৰহিম উদ্দিনে ৷ তাৰ পাচতে যুৱতীগৰাকীক ধৰ্ষণ কৰে চাৰিও যুৱকে (Gang Rape by four youths) ৷

কৰিমগঞ্জত চাৰি যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী

ইফালে নিশা 12 বজালৈকে যুৱতীগৰাকী ঘৰতলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক ৷ উপায়ন্তৰ হৈ যুৱতীগৰাকীৰ আত্মীয় আৰু অঞ্চলটোৰ ৰাইজে কাষ চাপে আৰক্ষীৰ ৷ তাৰ পাচত যুৱতাগৰাকীৰ ম’বাইল ফোন ট্ৰেছ কৰি আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷

ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে তিনি অভিযুক্ত ক্ৰমে চুলেমান আলী, ৰহিম উদ্দিন আৰু নাছিৰ উদ্দিন | ইফালে ভুক্তভোগী যুৱতীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণ সংক্ৰান্ত আন এক গোচৰ ৰুজু কৰিছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্যৰ ।

লগতে পঢ়ক : বিলকিছ বানুৰ ধৰ্ষণকাৰীক কাৰামুক্ত কৰাৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.