Gang raped in Ranchi: নাবালিকা ফুটবল খেলুৱৈক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ

author img

By

Published : Aug 3, 2022, 2:14 PM IST

Minor football player gangraped in Ranchi

পোহৰলৈ আহিছে ঝাৰখণ্ডৰ ৰাজধানীত সংঘটিত এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ সোমবাৰে নিশা এগৰাকী নাবালিকা ফুটবল খেলুৱৈক ৰে’লৱে ষ্টেচনৰ পৰা ঘৰলৈ উভতি অহাৰ পথত চাৰিজন অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি দলবদ্ধভাৱে ধৰ্ষণ কৰে (Four men kidnapped and gang raped a minor football player)।

নেশ্যনেল ডেস্ক, 3 আগষ্ট: দেশত ক্ৰমান্বৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে অপৰাধজনিত ঘটনা ৷ ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ আহিছে ধৰ্ষণ কাণ্ডৰ দৰে ঘৃণনীয় ঘটনা ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে ঝাৰখণ্ডৰ ৰাজধানীত সংঘটিত এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ সোমবাৰে নিশা এগৰাকী নাবালিকা ফুটবল খেলুৱৈক ৰে’লৱে ষ্টেচনৰ পৰা ঘৰলৈ উভতি অহাৰ পথত চাৰিজন অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি দলবদ্ধভাৱে ধৰ্ষণ কৰে (Four men kidnapped and gang raped a minor football player)। তথ্য অনুসৰি জানিব পৰা গৈছে, এখন ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওড়িশালৈ গৈছিল নাবালিকাগৰাকী (Gang-raped a minor football player) । ইতিমধ্যেই আৰক্ষীয়ে ৰেকৰ্ড কৰিছে ভুক্তভোগী নাবালিকাৰ ভাষ্য ৷

ভুক্তভোগী নাবালিকাগৰাকী ঝাৰখণ্ডৰ ৰাঁচী জিলাস্থিত খাৰচিদাগ গাঁৱৰ অ'পি অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ৰাঁচীৰ বালচিৰিং ৰে’ল ষ্টেচনৰ পৰা অপহৰণ কৰিছিল নাবালিকাগৰাকী । ভুক্তভোগী নাবালিকাগৰাকীৰ ভাষ্য অনুসৰি, তিনি অচিনাক্ত দুৰ্বৃত্তই বলপূৰ্বকভাৱে তাইক টানি আজুৰি এখন অটোত উঠাইছিল আৰু দাচাম জলপ্ৰপাতৰ অৰণ্যলৈ লৈ গৈছিল । পৰৱৰ্তী সময়ত অটো-চালকৰ সৈতে যুৱককেইজনে মিলি তাইক ধৰ্ষণ কৰাৰ লগতে শাৰীৰিক অত্যাচাৰো চলাইছিল ৷ লগতে তাইক হত্যা কৰাৰ ভাবুকিও দিছিল বুলি জনাই নাবালিকাগৰাকীয়ে ।

পিছত মঙলবাৰে নাবালিকাগৰাকীক দাসমিল খুন্টি ৰোডত এৰি তাৰ পৰা পলায়ন কৰে চাৰি দুৰ্বৃত্ত । ইয়াৰ পিছত নাবালিকাগৰাকীক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পিছত ভুক্তভোগী নাবালিকাগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ততাতৈয়াকৈ ৰাঁচীৰ উপ আৰক্ষী অধীক্ষক আৰু নামকুম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হয় চিকিৎসালয়ত (Ranchi DSP and Namkum police station IC)। আনহাতে, আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, বিষয়টোৰ তদন্ত অতি ক্ষীপ্ৰতৰে চলি আছে আৰু এই জঘন্য অপৰাধৰ লগত জড়িত অপৰাধীক অতি সোনকালেই কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।

লগতে পঢ়ক: Class10 girl in Hojai found dead: উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.