ETV Bharat / state

ছিপাঝাৰত খেল মহাৰণৰ সামৰণি, সামৰণি অনুষ্ঠাত বক্সাৰ শিৱ থাপা-মন্ত্ৰী পাটোৱাৰীৰ অংশগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 9:59 PM IST

khel maharan in darang
ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণ

বুধবাৰে অনুষ্ঠিত হয় ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বক্সাৰ শিৱ থাপাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

দৰং, 6 ডিচেম্বৰ : বুধবাৰে ছিপাঝাৰ ষ্টেডিয়ামত ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকি দৰং জিলাৰ অভিভাৱক মন্ত্ৰী তথা পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আমাৰ ৰাজ্যখনত প্ৰতিভাৰ অভাৱ নাই । এই প্ৰতিভাসমূহক চিনাক্ত কৰি উপযুক্ত বিকাশৰ সুবিধা দিব লাগিব ।

khel maharan in darang
দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা

মন্ত্ৰী পাটোৱাৰীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে গ্ৰহণ কৰা খেল মহাৰণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ গাঁৱে-ভূঞে থকা ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰা । হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ পৰা অহা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিৰল সফলতা আৰু সুনাম অৰ্জন কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

আজিৰ অনুষ্ঠানত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ অৰ্জুন শিৱ থাপাই নিজৰ একাগ্ৰতা, কঠোৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লাভলীনা বৰগোহাঁই, হিমা দাস, শিৱ থাপা, নয়নমনি শইকীয়াৰ দৰে খেলুৱৈৰ আদৰ্শ অনুকৰণ কৰি আগবাঢ়ি যাবলৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে খেল মহাৰণৰ দৰে অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যৰ নৱপ্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহক আগবঢ়াই নিয়াৰ পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় ।

khel maharan in darang
দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা

বিধায়কগৰাকীয়ে তেওঁৰ ভাষণত ক্ৰীড়া ক্ষেত্ৰত ছিপাঝাৰ সমষ্টিৰ সফলতা আৰু গৌৰৱৰ কথাও উল্লেখ কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি বক্সাৰ শিৱ থাপাই খেল মহাৰণৰ দৰে বিশাল ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ শলাগ লয় । তেওঁ নৱপ্ৰজন্মৰ খেলুৱৈসকলে একাগ্ৰতা আৰু কঠোৰ অনুশীলনৰে আগবাঢ়ি গ'লে নিশ্চয় সফলতা লাভ কৰিব বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতায়ো ভাষণ প্ৰদান কৰে । আজিৰ এই সামৰণি অনুষ্ঠানৰ অংশ হিচাবে দুনী গাঁও পঞ্চায়ত আৰু বৰমপুৰ গাঁও পঞ্চায়তৰ ১৯ বছৰৰ তলৰ দুই ফুটবল দলৰ মাজত ফুটবল খেল অনুষ্ঠিত হয় । উক্ত খেলত দুনী গাঁও পঞ্চায়তৰ দলটোৱে ৪-৩ গ'লৰ ব্যৱধানত জয় লাভ কৰে ।

আনহাতে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলাখনত চলি থকা খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ লগতে মিছন বসুন্ধৰা আৰু অন্যান্য উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে । উক্ত পৰ্যালোচনা সভাত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : মৃত অমৃত বৃক্ষ চাবলৈ নামৰূপৰ অভয়পুৰত উপস্থিত হ'ল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.