ETV Bharat / state

মৃত অমৃত বৃক্ষ চাবলৈ নামৰূপৰ অভয়পুৰত উপস্থিত হ'ল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:19 PM IST

minister Chandra Mohan Patowary
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অমৃত বৃক্ষ পৰিদৰ্শন

অমৃত বৃক্ষ আন্দোলনৰ পাছত মৃত গছপুলি চাবলৈ নামৰূপৰ অভয়পুৰত উপস্থিত হ'ল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ গছপুলি মৰা খবৰ প্ৰচাৰ কৰাটো সংবাদ মাধ্যমলৈ দোষ ঠেলিলে বনমন্ত্ৰীয়ে ৷ মৃত গছপুলিৰ স্থানত পুনৰ পুলি ৰোপণৰ আশ্বাস ৷

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অমৃত বৃক্ষ পৰিদৰ্শন

ডিব্ৰুগড়, 2 ডিচেম্বৰ : ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ কাৰ্যসূচীৰ অধীনত সমগ্ৰ অসমতে 1 কোটি গছপুলি ৰোপণৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল । ইয়াৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ সহযোগত ডিব্ৰুগড় প্ৰশাসনে নামৰূপৰ অভয়পুৰ গাঁৱত ২৫ একৰ মাটিত মাত্ৰ এক ঘণ্টাত ৩ লাখ ৩২ হাজাৰ গছপুলি ৰোপণৰ বিশ্ব অভিলেখ স্থাপন কৰিছিল ।

এই বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচীক লৈ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিছিল যদিও ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি এই কাৰ্যসূচী কৰা হৈছিল । কিন্তু সময় পাৰ হোৱাৰ লগে লগে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত ৰোপণ কৰা গছপুলিসমূহ প্ৰতিপালন নকৰাৰ বাবে মৰি যোৱা দেখিবলৈ পোৱা গৈছিল । ইয়াকে লৈ সচেতন ৰাইজৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল ।

ইয়াৰ পাছতে গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়া তিনি লাখ একত্ৰিশ হাজাৰ গছপুলি পৰ্যবেক্ষণ কৰিবলৈ আজি উপস্থিত হয় ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । গছপুলিসমূহৰ অধিকাংশ মৰি যোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে আজি নামৰূপৰ অভয়পুৰত উপস্থিত হয় মন্ত্ৰী পাটোৱাৰী । গছপুলিসমূহ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্ত্ৰীজনে কয় যে, “বাতৰিত কোৱাৰ দৰে গছপুলিসমূহ মৰি যোৱা নাই ।”

কিন্তু সাংবাদিকৰ চৰজমিন তদন্তত কেৱল মাত্ৰ মন্ত্ৰীৰ আগমনৰ সময়ত বন বিভাগে ওচৰৰ গছপুলিসমূহ চিকুনাই ৰখাৰ ছবিহে পৰিলক্ষিত হয় ৷ ওখ টিলাসমূহত পৰিচৰ্যাৰ অভাৱত হাবি-বনে আৱৰি ধৰাৰ উপৰিও অধিকাংশ গছপুলি মৰি যোৱা পৰিলক্ষিত হৈছে । সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বৃহৎ পৰিমাণৰ গছপুলি ৰোপণ কৰিলে কিছু পৰিমাণে গছপুলি মৰি যায় আৰু এয়া স্বাভাৱিক ৷ মৰি যোৱা গছপুলিসমূহৰ ঠাইত নতুন পুলি ৰোপণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

অহা সপ্তাহৰ পৰাই বন বিভাগে গছ পুলিসমূহ পুনৰ ৰোপণ কৰিব বুলি জানিবলৈ দিয়ে বনমন্ত্ৰীগৰাকীয়ে । বন বিভাগৰ বিষয়াৰ পৰামৰ্শ অনুসৰি খৰালি কালত গছপুলি ৰোপণ কৰা হৈছিল বুলি অকপট স্বীকাৰোক্তি দিয়ে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । বনমন্ত্ৰীয়ে কোৱাৰ দৰে খৰালি সময়ত ৰোপণ কৰা পুলিসমূহ জী উঠিবনে নে পুনৰ চৰকাৰী ধনৰ অপব্যয় হ’ব সেয়া লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : বনমন্ত্ৰী কিহত ব্যস্ত ? গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে কি ৰূপ লৈছে জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.