ETV Bharat / state

বনমন্ত্ৰী কিহত ব্যস্ত ? গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে কি ৰূপ লৈছে জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:19 PM IST

elephant man conflict in goalpara
গোৱালপাৰাত হাতী-মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ

প্ৰতি বনমন্ত্ৰী মহোদয়, আপোনাৰ জ্ঞাতাৰ্থে কিছু তথ্য ৷ আপোনাৰ গুৰুত্বহীনতাৰ বাবেই হেৰাইছে বহুতৰ জীৱন ৷ খবৰবোৰ আপুনি কিয় নাৰাখে ? আপোনাৰ কৰণীয় নাই ?

গোৱালপাৰাত হাতী-মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ

গোৱালপাৰা, 30 নৱেম্বৰ : প্ৰতি, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মহোদয় ৷ হাতী-মানুহৰ সংঘাতে কি ৰূপ ধাৰণ কৰিছে, সেয়া আপুনি অনুধাৱন কৰিব নোৱাৰিব ৷ প্ৰতিটো মুহুৰ্তত জীৱনটোক ভয়ৰ মাজত লৈ ফুৰাসকলে সেইকথা বাৰুকৈয়েই অনুভৱ কৰে ৷ প্ৰকৃতিপ্ৰেমীসকলেও অনুভৱ কৰে একোটা হাতীৰ মৃত্যুৱে দিয়া দুখ ৷ কিন্তু চৰকাৰী বিজ্ঞাপন আৰু জনসভাৰ ভাষণত ব্যস্ত বিয়াগোম বন-বিভাগৰ মন্ত্ৰীৰ লগতে বিভাগীয় দায়িত্বত থকাসকলে সেইকথা নুবুজে ৷ কাৰণ তেওঁলোক সুৰক্ষিত ৷ ৰাজ-দৰবাৰত নাই এনে বিভীষিকা ৷

এইবাৰ উদাহৰণলৈ আহিছোঁ ৷ গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে চলিত বৰ্ষত এতিয়ালৈকে প্ৰাণ ল’লে 13 গৰাকী লোকৰ, মৃত্যু হ’ল 5 টাকৈ বনৰীয়া হাতীৰো ৷ ইফালে আঘোণৰ পথাৰত জাক-জাক বনৰীয়া হাতীৰ তাণ্ডৱে কৰিছে কৃষকৰ অনিষ্ট ৷ ক্ষতিপূৰণৰ দাবী জনাই দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ইমানৰ পাচতো হাতীৰ জাকে বিচৰণ কৰি থকা বনাঞ্চলত প্ৰৱেশ নকৰিবলৈ ৰাইজক সতৰ্ক কৰিয়েই দায়িত্ব সমৰিছে বিয়াগোম বন বিভাগে ৷

ধান খাবলৈ পশ্চিম গাৰোপাহাৰৰ পৰা নামি আহিছে জাক-জাক বনৰীয়া হাতী । এই হাতীৰ জাকে বিগত চাৰি মাহ ধৰি জিলাখনৰ মাটিয়া, মৰনৈ, কৃষ্ণাই, লক্ষীপুৰ, দুধনৈ, ৰংজুলি আদি অঞ্চলৰ গেঁৰধৰা শালি ধানৰ খেতি পথাৰত তাণ্ডৱ চলাই আছে । বিভিন্ন প্ৰজাতিৰ শুৰ আৰু অচিন পোকৰ উপদ্ৰৱৰ মাজতে খেতিপথাৰত হাতীজাকে চলোৱা তাণ্ডৱত কৃষক ৰাইজে মূৰে কপালে হাত দিছে ৷ সেইদৰে হাতীৰ জাকে নিশাৰ ভাগত খাদ্যৰ সন্ধানত গাঁও অঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, সা-সম্পত্তি ধ্বংস কৰি আহিছে । বিগত দহটা দিনত বনৰীয়া হাতীৰ আক্ৰমণত মৰনৈ অঞ্চলত এগৰাকী প্ৰাক্তন সৈনিক আৰু এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লৈছে । কথাবোৰ মন কৰিব বনমন্ত্ৰী মহোদয় ৷ এনে সময়তো বন বিভাগৰ একাংশ লোক কেৱল ছিণ্ডিকেটত ব্যস্ত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

বিভাগটোক যে অলপ আধুনিক কৰিব লাগে তাৰ প্ৰতিও নাই গুৰুত্ব ৷ পৰিণতিত নিধিৰাম চৰ্দাৰৰ ৰূপলৈ পৰিণত বন বিভাগ । বন বিভাগত নাই পৰ্যাপ্ত বাহন, বনকৰ্মী, বন্দুক-বাৰুদকে ধৰি আধুনিক উপকৰণ । হাতী খেদিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত ধনৰো নাই যোগান । অনাগত দিনত জিলাখনৰ বিভিন্ন স্থানত হাতী-মানুহৰ সংঘাত অধিক তীব্ৰতৰ হৈ পৰাৰ আশংকা কৰা হৈছে । খাদ্যৰ সন্ধানত মেঘালয় পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকবোৰক খেদি পঠিয়াবলৈ বন বিভাগে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাত ভুক্তভোগী ৰাইজ কি অৱস্থাত আছে, সেয়া অনুধাৱন কৰাৰ চেষ্টা কৰক বনমন্ত্ৰী ডাঙৰীয়া ৷

ৰাইজৰ অভিযোগ মতে হাতীয়ে আক্ৰমণ কৰি ঘৰ-দুৱাৰ তহিলং কৰাৰ উপৰিও মানুহ-গৰু মাৰিলে খবৰ দিলেও সময়মতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নহয় । ঔদ্যোগিক বিকাশ আৰু পথ সম্প্ৰসাৰণৰ নামত গোৱালপাৰাত ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাৰ বাবে জিলাখনৰ মাটিয়া, মৰনৈ অঞ্চলত দিনদুপৰতে বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি হৈছে ৷ ফলত প্ৰাণ দিবলগীয়া হৈছে হালৰ গৰুৰ লগতে মানুহেও ৷ কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা চকুৰ সন্মুখতে হাতীয়ে মহতিয়াই নিয়া দেখি চকুলো টুকিছে কৃষক ৰাইজে ৷ ৰাজনীতিৰ লগতে এইবোৰ কথাতো মন দিয়ক বনমন্ত্ৰী মহোদয় ৷ পালন কৰক আপোনাৰ দায়িত্ব ৷

লগতে পঢ়ক : কি ক’ত কিয় বিখ্যাত একোকে নাজানে বন-বিভাগৰ লোকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.