ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 3, 2022, 1:02 PM IST

Victory of Dhami
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Victory of Dhami: গাদী ৰক্ষাৰ যুঁজত সফল হ'ল পুষ্কৰ সিং ধামী

আত্মসন্মান ৰক্ষা কৰিবলৈ সক্ষম হ'ল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী (Pushkar Singh Dhami wins Champawat assembly byelection)। উত্তৰাখণ্ডৰ উপ নিৰ্বাচনত বৃহৎ সংখ্যক ভোটত জয়লাভ ধামীৰ । কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্মলা গহতোৰীক প্ৰায় ৫৪ হাজাৰ ভোটত পৰাস্ত ।

Covid 19 Update: ছোনিয়াৰ পাছত প্ৰিয়ংকা আক্ৰান্ত ক’ভিডত

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ পিছতেই এইবাৰ কৰ'ণাত আক্ৰান্ত কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi tests Covid positive) ৷ বৃহস্পতিবাৰে ছোনিয়া গান্ধীৰ দেহত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই শুকুৰবাৰে প্ৰিয়ংকা ক’ভিডত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা হয় ৷

পুনৰ গড়মূৰ থানাত জেৰা জোনমনিক

আজিও জেৰা কৰা হৈছে এছ আই জোনমনি ৰাভাক(SI Junmoni Rabha at Garmur police station) ‌। মাজুলী আৰক্ষী অধীক্ষক গৌতম বৰাই তিনিটাকৈ গোচৰৰ ভিত্তিত তলব কৰা জোনমনি ৰাভাক বৃহস্পতিবাৰে গড়মূৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছিল । বৃহস্পতিবাৰে পুৱাৰে পৰা নিশালৈকে জেৰা চলোৱাৰ পাছত আজি পুনৰ জেৰা চলোৱা হৈছে জোনমনিক(Majuli police interrogated SI Junmoni Rabha) । ভাবী স্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ উত্থাপন হৈছিল এছ আই জোনমনি ৰাভাৰ বিৰুদ্ধে(SI Junmoni Rabha controversy) ।

Guwahati suicide case: নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা

পুৱাই যোৰাবাটস্থিত নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত লাগে হুৱা-দোৱা ৷ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এগৰাকী কেঞ্চাৰ ৰোগীৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ হাস্পতালখনতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Guwahati suicide case)৷ ঘটনাস্থলীত যোৰাবাট আৰক্ষী উপস্থিত আৰম্ভ কৰে তদন্ত ৷

IIFA 2022: বিয়াৰ পিছতো যুৱতীসকলৰ হৃদস্পন্দন বঢ়াইছে শ্বাহিদ কাপুৰে, কেনেকৈ জাননে?

শ্বাহিদ কাপুৰে শেহতীয়াকৈ ইনষ্টাগ্ৰামত আপলোড কৰা কেইখনমান ফটোৱে লগাইছে খলকনি ৷ অভিনেতাজনে পৰিধান কৰিছে সম্পূৰ্ণ ফৰ্মেল পোছাক ৷ শ্বাহিদৰ এই লুকত মতলীয়া হৈ পৰিছে দেশৰ যুৱতীসকল ৷

Makum murder case: বিৰেন্দ্ৰ যাদৱৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক

মাকুম আৰক্ষীৰ সফলতা ৷ মাকুম আৰক্ষীৰ জালত পৰিছে বৈদুতিক ট্ৰেঞ্চফৰ্মাৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ পৰিচালক বিৰেন্দ্ৰ যাদৱৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্ত (Sensation across Hapjan region) ৷ আটকাধীন দুই অভিযুক্ত ক্ৰমে চোটহাপজান বামুনমাটীৰ বিনোদ তাঁতী আৰু চেলবেষ্টা কেৰকেটা বুলি জানিব পৰা গৈছে ৷

'Sologamy' ত প্ৰৱেশ কৰিবলৈ ওলোৱা ভাৰতৰ প্ৰথমগৰাকী যুৱতী

নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে শ্বামা বিন্দু ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এইয়াই সত্য ৷ 11 জুনত নিজৰ লগতে বিবাহপাশত আৱদ্ধ হ’ব শ্বামা ৷ ইয়াক চ’ল’গামী হিচাপে জনা যায় ৷

বাংলাদেশত প্ৰৱেশ কৰিবলৈ যাওঁতেই ত্ৰিপুৰাত আটক ৮ ৰোহিংগীয়া

বাংলাদেশত প্ৰৱেশ কৰিবলৈ যাওতেই আৰক্ষীয়ে আটক কৰে ৰোহিংগীয়া কেইজনক(Tripura police detain eight Rohingyas)। দিল্লীৰ পৰা ৰেলযোগে গুৱাহাটীলৈ আহিছিল ৰোহিংগীয়া কেইজন । তাৰপিছত বিয়লি তেওঁলোকে গুৱাহাটীৰ পৰা আগৰতলালৈ এখন বাছত আহিছিল । প্ৰায় ১০ বছৰ ধৰি তেওঁলোক দিল্লীতে আছিল ।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ধূলিস্যাৎ হ'ব কংগ্ৰেছ: অজন্তা নেওগ

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন 2022 (KAAC election 2022)ক কেন্দ্ৰ কৰি ৰাজনৈতিক দল তথা নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ ঠায়ে ঠায়ে চলিছে প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ কঠালগুৰীত 17 নং চ'চাংধেনটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাচী ৰংপিপীৰহৈ প্ৰচাৰ চলালে বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog campaign for KAAC election 2022) ৷

Encounter at Baihata Chariali: আৰক্ষীৰ গুলীচালনাত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বগা

বাইহাটা চাৰিআলিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা (Encounter at Baihata Chariali) ৷ আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰা এটা ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি কৰা হয় এই গুলিচালনা(Drugs smuggler injured at police encounter) ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ড্ৰাগছ সৰবৰাহকাৰীটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.