ETV Bharat / bharat

Covid 19 Update: ছোনিয়াৰ পাছত প্ৰিয়ংকা আক্ৰান্ত ক’ভিডত

author img

By

Published : Jun 3, 2022, 11:45 AM IST

after-sonia-priyanka-gandhi-is-also-covid-positive
ক'ভিড 19 ত আক্ৰান্ত কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ পিছতেই এইবাৰ কৰ'ণাত আক্ৰান্ত কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi tests Covid positive) ৷ বৃহস্পতিবাৰে ছোনিয়া গান্ধীৰ দেহত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই শুকুৰবাৰে প্ৰিয়ংকা ক’ভিডত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা হয় ৷

নেশ্যনেল ডেস্ক, 3 জুন : মাতৃৰ পিছত কন্যাৰ আক্ৰান্ত হ'ল ক'ভিডত ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ পিছতেই এইবাৰ কৰ'ণাত আক্ৰান্ত কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi tests Covid positive) ৷ শুকুৰবাৰে টুইটযোগে নেত্ৰীগৰাকীয়ে জনায় "কৰ'ণাৰ সকলো প্ৰট'কল পালন কৰি মই নিজেই ঘৰতে আৱদ্ধ হৈ আছো ৷ যিসকল লোক শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে নেত্ৰীগৰাকীয়ে ৷

  • I've tested positive for COVID-19 with mild symptoms. Following all the protocols, I have quarantined myself at home.

    I would request those who came in contact with me to take all necessary precautions.

    — Priyanka Gandhi Vadra (@priyankagandhi) June 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বৃহস্পতিবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে (Sonia Gandhi tested covid positive)। ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে লক্ষ্ণৌৰ পৰা দিল্লীলৈ উভতি আহে ৷ জানিব পৰা মতে ছোনিয়া গান্ধীৰ সংস্পৰ্শলৈ আহিছিল প্ৰিয়ংকা গান্ধী ৷

বুধবাৰৰ পৰা জ্বৰত ভূগিছিল ছোনিয়া গান্ধী ৷ বৃহস্পতিবাৰে নেত্ৰীগৰাকীৰ ক'ভিডৰ পৰীক্ষা কৰাৰ পিছতে তেওঁৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ দুই কংগ্ৰেছী নেত্ৰী তথা মাতৃ কন্যাৰ উপৰিও কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপালৰ দেহতো কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে টুইটযোগে ছোনিয়া গান্ধীৰ আশু আৰোগ্য কামনা কৰে ৷

লগতে পঢ়ক: ছোনিয়া গান্ধীৰ মুখত পৰিৱৰ্তনৰ পাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.