ETV Bharat / state

বিটিআৰক লৈ ইউপিপিএলৰ উপ-সভাপতি ৰণগৌৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 26, 2020, 1:32 AM IST

বিটিআৰক লৈ ইউপিপিএলৰ উপ-সভাপতি ৰণগৌৰাৰ প্ৰতিক্ৰিয়া
বিটিআৰক লৈ ইউপিপিএলৰ উপ-সভাপতি ৰণগৌৰাৰ প্ৰতিক্ৰিয়া

চৰকাৰে বড়ো আন্দোলনকাৰী সকলৰ সৈতে বিটিআৰ চুক্তি কৰি বিটিআৰৰ জন্ম দিছে । ইয়াক লালন পালনৰ দায়িত্ব চৰকাৰৰ আৰু চৰকাৰে এয়া কৰি আছে । আমি আদৰণী জনাইছো, ৰণগৌৰা নাৰ্জাৰী ।

চিৰাং, 25 ছেপ্টেম্বৰ : ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো আন্দোলনকাৰীসকলৰ মাজত চলিত বৰ্ষৰ 27 জানুৱাৰীত স্বাক্ষৰিত হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি । এই চুক্তিক শেহতীয়াকৈ শুকুৰবাৰে বলৱৎ কৰে অসম চৰকাৰে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইউপিপিএল দলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ৷

নাৰ্জাৰীয়ে তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰত বিটিআৰ সন্দৰ্ভত বহুকেইটা কথা উল্লেখ কৰে ৷ তেওঁ প্ৰকাশ কৰা মতে, অসমীয়াৰ লগতে বড়ো ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰা, বিটিচি নামটো চুক্তি অনুসৰিয়ে বিটিআৰ কৰা, গাঁও কৰ্তন বা অন্তৰ্ভূক্ত কৰাক লৈ আয়োগ গঠন কৰা আদি সফলতাৰে হৈছে বুলি কয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পতাৰ পিচতেই অসম চৰকাৰৰ মুখপাত্ৰই চুক্তিৰ দফা সমূহ কাৰ্যকৰী কৰাৰ কথা প্ৰকাশ কৰে ৷

বিটিআৰক আদৰণি ইউপিপিএলৰ, সমান্তৰালকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰো আহ্বান

নাৰ্জাৰীয়ে কোৱা অনুসৰি, ইয়াত বিপিএফৰ সৈতে ষঢ়যন্ত্ৰ কৰাৰ কোনো কথাই নাই নাইবা বিটিচি নিৰ্বাচনৰ সৈতেও কোনো কথা নাই । ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে হোৱা চুক্তি মতে বিটিআৰ গঠন কৰাৰ পিচত ইয়াৰ লালন পালনৰ দায়িত্ব চৰকাৰৰ আৰু সেয়াই হৈ আছে । চুক্তিৰ অন্যান্য দফাসমুহো অতিশীঘ্ৰেই কাৰ্য্যকৰী কৰাটো বিচাৰিছে তেওঁ তথা তেওঁৰ দলে । ইয়াক সকলোৱে আদৰি ল'ব লাগে ।

বিটিচি নিৰ্বাচন আৰু বিটিআৰ ঘোষণাৰ মাজত কোনো সম্পৰ্ক নাই

বিপিএফৰ ভূমিকাক লৈ নাৰ্জাৰীয়ে কয় যে, বিপিএফে নিজে সাক্ষী হৈ চুক্তি স্বাক্ষৰিত কৰি আহি এতিয়া আবোল তাবোল বকিছে । সেয়া বিটিআৰৰ 35 লাখ জনতাই দেখি আছে শুনি আছে । ৰাইজে বিচাৰ কৰিব । আমি ইউপিপিএল দলে অসম চৰকাৰৰ ঘোষণাক আদৰণি জনাইছো বুলিও কয় ইউপিপিএলৰ উপ-সভাপতি গৰাকীয়ে । এটা কথা স্পষ্ট যে ভাৰতৰ অন্যান্য ঠাইত নিৰ্বাচন হৈ আছে, বিহাৰৰ নিৰ্বাচন ঘোষণা হৈছে । গতিকে সেই অনুপাতে বিটিচিৰ নিৰ্বাচনো হ'ব লাগে বুলি কয় নাৰ্জাৰীয়ে ।

বিপিএফে ধাৰাসাৰ মিছা কৈ আহিছে

বিপিএফে যধে মধে মিছা মাতি থকা পৰিলক্ষিত হৈছে । বিটিআৰ চুক্তি সম্পৰ্কে সকলোৱে জানে । আজিৰ তাৰিখত বিটিচি,বিটিএডিৰ ম্যাদ উকলি বিটিআৰ হৈছে । গতিকে বিপিএফৰো ম্যাদ উকলিল ৷ আগন্তুক সময়ত বিটিআৰত ইউপিপিএলৰ চৰকাৰ হোৱাটো নিশ্চিত । বিটিআৰত বিপিএফে একো নাই বুলি ৰাইজৰ ওচৰত মিছা মাতি আছে ইফালে বিটিআৰ চুক্তিৰ এটা এটাকৈ দফা কাৰ্য্যকৰী হৈ আছে । নিজৰ বড়ো ভাষাটো চৰকাৰী ভাষা হোৱাটোও বিচৰা নাই বিপিএফে । গতিকে এইবাৰ বিপিএফৰ ধাৰাষাৰ বিপৰ্য্যয় হোৱাটো নিশ্চিত বুলি দেখিয়ে বিপিএফ দলৰ নেতৃত্বই আবোল তাবোল কৰি আছে তাৰ বাহিৰে একো নাই বুলি কয় ইউপিপিএল দলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ।

বিটিআৰৰ যত্ন লোৱাটো চৰকাৰৰ দায়িত্ব

তেওঁ আৰু কয় যে বিজেপিৰে বিপিএফ মিত্ৰতাৰে অসম চৰকাৰ চলাই আছে । তেওঁলোকৰ তিনিজন মন্ত্ৰীয়ো আছে । তাৰ পিচতো নিলাজৰ দৰে বিপিএফ নেতৃত্বই সময়ে সময়ে অভিযোগ কৰে যে বিজেপিৰে মিলি ইউপিপিএলে ৰাজনীতি কৰি আছে বিপিএফক পৰাজিত কৰাৰ বাবে । যদিহে বিপিএফৰ শক্তি আছে তেন্তে তিনিওজন মন্ত্ৰীয়ে পদত্যাগ কৰি বিজেপিৰ সংগ ত্যাগ কৰক বুলি ৰণগৌৰা নাৰ্জাৰীয়ে কয় ৷

এতিয়া লক্ষ্যণীয় হ'ব বিপিএফে কোৱাৰ দৰে বিটিআৰ চুক্তিত যদি সঁচাকে একো নাই যদি তেন্তে আজিৰে পৰা বিটিচি বিটিআৰ কিয় হ'ল । বিপিএফ দলে নিৰ্বাচনত সকলো জনগোষ্ঠীৰ ভোট লাভৰ আশাতে এনেদৰে মিছা মাতি আছিল সেয়া আজি আকৌ এবাৰ প্ৰমানিত হ'ল । এতিয়া ইয়াক কিদৰে প্ৰকাশ কৰিব বিপিএফ নেতৃত্বই তাৰে অপেক্ষাত আছে বিটিআৰবাসী জনসাধাৰণ ৷

লগতে পঢ়ক : বিটিচিৰ পৰিৱৰ্তে বিটিআৰ, সিদ্ধান্তক আদৰণি এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.