ETV Bharat / state

বিটিচিৰ পৰিৱৰ্তে বিটিআৰ, সিদ্ধান্তক আদৰণি এবছুৰ

author img

By

Published : Sep 26, 2020, 12:30 AM IST

বিটিচিৰ পৰিৱৰ্তে বিটিআৰ, সিদ্ধান্তক আদৰণি এবছুৰ
বিটিচিৰ পৰিৱৰ্তে বিটিআৰ, সিদ্ধান্তক আদৰণি এবছুৰ

বিটিআৰ চুক্তি ৰূপায়নত পুনৰ এখোজ ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি এবছুৰ ৷

কোকৰাঝাৰ, 25 ছেপ্টেম্বৰ : বিটিআৰ চুক্তি ৰূপায়নত পুনৰ এখোজ আগবাঢ়িলে ৰাজ্য চৰকাৰ ৷ এতিয়াৰে পৰা বিটিচি অথবা বিটিএডিক জনা হ'ব বিটিআৰ হিচাপে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰে চৰকাৰে ৷ আনহাতে বিটিআৰৰ সীমা নিৰ্ধাৰণৰ বাবেও গঠন কৰা হয় এখন আয়োগ ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই ৷

এই সন্দৰ্ভত ওদালগুৰিত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদী,গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনায় এবছুই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ এবছুৰ ৷ শুকুৰবাৰৰ এই দিনটো ঐতিহাসিক দিন আখ্যা দিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ চৰকাৰে গঠন কৰি দিয়া আয়োগকো আদৰণি জনালে এবছুই ৷ সীমান্ত অঞ্চলৰ অজনজাতি গাঁওৰ লোকসকলকো বিটিআৰ অঞ্চলত অন্তৰ্ভূক্ত হৈ থাকিবলৈও অনুৰোধ জনালে এবছুই ৷ সম-অধিকাৰ,সম-উন্নয়ন আৰু ভাতৃত্ববোধেৰে নতুন বিটিআৰ গঠনৰ পোষকতা কৰে এবছুৱে ৷

বিটিচিৰ পৰিৱৰ্তে বিটিআৰ, সিদ্ধান্তক আদৰণি এবছুৰ

লগতে পঢ়ক : বিটিআৰক আদৰণি কোচ-ৰাজবংশী জাতীয় মহাসভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.