ETV Bharat / state

বিটিআৰক আদৰণি কোচ-ৰাজবংশী জাতীয় মহাসভাৰ

author img

By

Published : Sep 26, 2020, 12:06 AM IST

কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে
কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে

বিটিএডিৰ সলনি কৰি বিটিআৰ ঘোষণা কৰাৰ পিচতেই ইয়াক আদৰণি জনাইছে কোচ ৰাজবংশী জাতীয় মহা সভাই । সোনকালে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ৷

চিৰাং, 25 ছেপ্টেম্বৰ : বিটিএডি (Bodoland Territorial Area Districts)ৰ নাম সলনি কৰি বিটিআৰ (Bodoland Territorial Region) নামাকৰণৰে বিটিআৰ চুক্তি কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাই ৷ এই সিদ্ধান্তৰ বাবে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শলাগিছে আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আশা ব্যক্ত কৰি কয় যে, পি পি বাৰ্মাৰ নেতৃত্বত গঠিত আয়োগে অতি ক্ষীপ্ৰতাৰে আৰু পুংখানুপুংখুভাবে চালি জাৰি চাই বিটিআৰ চুক্তি মৰ্মে বিটিআৰৰ সীমামুৰীয়া গৰিষ্ঠসংখ্যক অৰ্থাৎ 50 শতাংশৰো অধিক অজনজাতি বসতিপূৰ্ণ গাওঁসমূহ কৰ্তন কৰি দীৰ্ঘদিনৰ পৰা অজনজাতি সকলে কৰি অহা ন্যায্য দাবীক ন্যায় প্ৰদান কৰিব ৷

বিটিআৰ চুক্তি মৰ্মে বৰ্তমানৰ পৰিষদীয় সমষ্টি 40টাৰ পৰা 60টালৈ বৰ্দ্ধিত কৰি কমেও 20টা সমষ্টি ভূমিপুত্ৰ কোচ ৰাজবংশী আৰু আন আন অজনজাতিৰ বাবে সংৰক্ষণ কৰিব ৷ সেইদৰে বিটিআৰত যাতে ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে ৰাজনৈতিক,সামাজিক,শৈক্ষিক,অৰ্থনৈতিক,নিয়োগ(চাকৰি) আৰু ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে আইন প্ৰণয়ন কৰাৰ লগতে ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক অতিশীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ৰায়ে ৷

বিটিআৰক আদৰণি কোচ-ৰাজবংশী জাতীয় মহাসভাৰ

বিশ্বজিৎ ৰায়ে বিগত 3 ছেপ্টেম্বৰত অসম বিধান সভাত গৃহীত হোৱা কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ (কেএচি)খনৰ ভৌগোলিক চাৰিসীমা আৰু সমষ্টি সমূহ নিৰ্দ্ধাৰণ নোহোৱালৈকে কোচ ৰাজবংশীৰ জাতীয় সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাবে জৰিত উপযুক্ত ব্যক্তিক প্ৰধান্য দি অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় ৷ তেওঁ লগতে কয় যে বিটিআৰ চুক্তি ৰূপায়নৰ স্বাৰ্থত অতিশীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰৰ আগত এই দাবী উত্থাপন কৰি লগতে কয় যে বিটিআৰ অঞ্চলত চলি থকা নিৰ্বাচনী আচৰণ বিধি উঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি । কাৰণ নিৰ্বাচনী বিধি বলৱৎ থকা বাবে চৰকাৰৰ উন্নয়ণমূলক কাম কাজৰ পৰা বিটিআৰবাসী ৰাইজ বঞ্চিত হৈ আছে ৷

লগতে পঢ়ক : বিজেপি নেতা দিবন ডেকাৰ চচল স্থিত PALACIA PARK ত CID ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.