ETV Bharat / state

Flood prevention: চৰকাৰলৈ আশা বাদ দিলে চিৰাঙৰ ৰাইজে

author img

By

Published : Jul 31, 2023, 8:21 PM IST

chirang public working for flood prevention
নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কাম

চৰকাৰৰ আশা এৰি কেইবাখনো গাঁৱৰ শ শ লোক ওলাই আহি হাতে-কামে লাগিল নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কামত । প্ৰতিবছৰে নাঙলভাঙা নৈৰ বানপানীয়ে ব্যাপক ক্ষতি কৰে নাঙলভাঙা সহ বহু কেইখন গাঁও । কিন্ত চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে ।

নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কাম

চিৰাং, 31 জুলাই : বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে শ শ লোক ওলাই আহিল নাঙলভাঙা নৈৰ বান প্ৰতিৰোধী কাম কৰাৰ বাবে । ভূটানৰ পৰা নামি অহা পানীয়ে ব্যাপক হাৰত বানৰ ৰূপ লৈ নাঙলভাঙাকে আদি কৰি বহু কেইখন গাঁও ক্ষতিগ্ৰস্থ কৰিছে । শেহতীয়া বানপানীৰ ফলত নাঙলভাঙা নৈৰ প্ৰতিৰোধী বান্ধ ভাঙি সুঁতি ওলাই নাঙলভাঙালৈ ভাবুকি কঢ়িয়াই আনিছে । যাৰ বাবে চৰকাৰৰ আশা এৰি এইসকল লোক হাতে-কামে লাগিল নাঙলভাঙা নৈৰ সুঁতি সলাবলৈ ।

chirang public working for flood prevention
নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কাম

চিৰাং জিলাৰ চিদলী বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা নিচিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই নাঙলভাঙাত প্ৰতিবছৰে বানে বিস্তৰ ক্ষতি কৰাৰ পিচতো চৰকাৰীভাৱে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰাত আজি ৰাইজে নিজেই নিজৰ সম্পত্তি ৰক্ষাত নামিবলগীয়া হৈছে । এই সুঁতি নসলালে আকৌ এবাৰ বান হলে নিশ্চিহ্ন হ’ব নাঙলভাঙা, হুটহুটী, শিশুবাৰী, খয়ৰাবাৰী সহ বহু কেইখন গাঁও ৷

নাঙলভাঙা বজাৰ আৰু অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নাঙলভাঙা নবোদয় হাইস্কুলখনো ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে । যিকোনো মুহূৰ্ততে নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সম্ভাৱনা সোমবাৰে আজি এইদৰেই শ শ লোক ওলাই আহিছে নৈৰ সুঁতি সলাবলৈ ।

সকলোৱে নিজৰ নিজৰ বাৰীৰ পৰা বাঁহ অনাৰ লগতে ৰছী আদিয়ো ৰাইজে যোগান ধৰি কাম কৰা পৰিলক্ষিত হৈছে । তেওঁলোকৰ এটাই কথা অতবছৰে চৰকাৰৰ অপেক্ষাত থাক যেতিয়া একো নহ’ল এতিয়া আৰু সেয়ে নিজৰ সম্পত্তি ৰক্ষাৰ বাবে নিজেই কাম কৰিব লাগিব । চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বিগত সময়ত । নিৰ্বাচন আহে জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিৰ বন্যা বয় কিন্ত নিৰ্বাচন যোৱাৰ লগে লগে সকলো প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হয় ।

লগতে পঢ়ক : Public building River dam at Chirang Bhutan border:ভূটানত প্ৰৱেশ চিৰাঙৰ ভূটান সীমান্তৰ পাঁচ সহস্ৰাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.